অসম

assam

ETV Bharat / state

গুৱাহাটী প্ৰেছ ক্লাৱত বিনামূলীয়া পুৰণি পাঠ্যপুথি বিতৰণ - "পবিন্দ্ৰ জেউতি"ৰ

"এডু ফ্লেয়াৰ ছ'ছায়িটীৰ" উদ্যোগত আৰু নলবাৰী জিলাৰ চামতাৰ বিখ্যাত খেতিয়ক তথা কৃষি বিজ্ঞানী স্বৰ্গীয় পবিন্দ্ৰ নাথ বৰ্মনৰ সোঁৱৰণত গঢ় লৈ উঠা কৃষিভিত্তিক আৰু প্লাষ্টিক বৰ্জনৰ বাবে যুজ দি অহা বেচৰকাৰী অনুষ্ঠান "পবিন্দ্ৰ জেউতি"ৰ সহযোগত পুৰণি কিতাপ বিতৰণ ৷

Guwahati free book distribution
গুৱাহাটী প্ৰেছ ক্লাৱত বিনামূলীয়া পুৰণি পাঠ্যপুথি বিতৰণ

By

Published : Nov 15, 2020, 10:55 PM IST

গুৱাহাটী,15 নৱেম্বৰঃপ্ৰতিবছৰৰ দৰে এইবাৰো গুৱাহাটীৰ মহাপুৰুষ মাধৱদেৱ পথৰ শ্ৰীমন্ত শংকৰনগৰস্থিত অসমৰ এক ব্যতিক্ৰমী বেচৰকাৰী সামাজিক অনুষ্ঠান "এডু ফ্লেয়াৰ ছ'ছায়িটীৰ" উদ্যোগত আৰু নলবাৰী জিলাৰ চামতাৰ বিখ্যাত খেতিয়ক তথা কৃষি বিজ্ঞানী স্বৰ্গীয় পবিন্দ্ৰ নাথ বৰ্মনৰ সোঁৱৰণত গঢ় লৈ উঠা কৃষিভিত্তিক আৰু প্লাষ্টিক বৰ্জনৰ বাবে যুজ দি অহা বেচৰকাৰী অনুষ্ঠান "পবিন্দ্ৰ জেউতি"ৰ সহযোগত অসমৰ বিভিন্ন ঠাইৰ বিভিন্নজন শ্ৰদ্ধাৰ অভিভাৱক, বন্ধু বান্ধবী আৰু ছাত্র ছাত্রী সকলৰ পৰা সংগ্ৰহ কৰি অনা পুৰণি পাঠ্যপুথি দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত প্ৰায় ২৫ গৰাকী ছাত্র ছাত্রীৰ মাজত বিনামুলীয়াকৈ বিতৰণ কৰে ৷

গুৱাহাটী প্ৰেছ ক্লাৱত বিনামূলীয়া পুৰণি পাঠ্যপুথি বিতৰণ

আজিৰ এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে আসন গ্ৰহণ কৰে জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ, গুৱাহাটী দন্ত চিকৎসা মহাবিদ্যালয়ৰ অধ্যাপিকা তথা কবি ডাঃ ৰুবি কটকী, অসম ফাৰ্মাচিউটিকেল এছোচিয়েচনৰ সভাপতি বিশিষ্ট সমাজকৰ্মী প্ৰফুল্ল শৰ্মা আৰু বিশিষ্ট সমাজসেৱী কিৰণ বড়ো। ইয়াৰ উপৰিও সভাত উপস্থিত থাকে বহুকেইজন বিশিষ্ট শিক্ষাবিদ, দুৰদুৰণিৰ পৰা অহা অভিভাবক আৰু ছাত্র ছাত্রী সকল ।

গুৱাহাটী প্ৰেছ ক্লাৱত বিনামূলীয়া পুৰণি পাঠ্যপুথি বিতৰণ

লগতে পঢ়কঃ বাঘজানৰ অগ্নিকাণ্ডই বাৰুকৈয়ে প্ৰভাৱিত কৰিছে বাঘজানৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহক

ABOUT THE AUTHOR

...view details