গুৱাহাটী, 31 অক্টোবৰ : মহানগৰীৰ মালিগাঁৱত ভুৱা বেংক বিষয়াৰ দপদপনি । বাহনৰ ই এম আই সংগ্ৰহ কৰি ৰাইজৰ ৰোষত পৰিল এজন যুৱক । শনিবাৰে ধন সংগ্ৰহৰ বাবে আহোতেই আৱদ্ধ কৰি ৰাখে নুনমাটিৰ ভাস্কৰ কলিতাক । অভিযোগ অনুসৰি মালিগাঁৱত এজন যুৱকে ই এম আইৰ জৰিয়তে এখন দুচকীয়া বাহন ক্ৰয় কৰিছিল । প্ৰতিমাহে দিবলগীয়া ধন আদায় কৰে যদিও ভাস্কৰ নাম এইজন যুৱক তেওঁলোকৰ ঘৰলৈ আহে ই এম আই সংগ্ৰহ কৰিবলৈ । পূৰ্বে দুবাৰমান ধন সংগ্ৰহ কৰিছে ভাস্কৰে । এনেদৰে পুনৰ ধন সংগ্ৰহ কৰিবলৈ আহোতে আৱদ্ধ কৰি ৰাখিছে যুৱকজনক ।
মালিগাঁৱত ভুৱা বেংক বিষয়াক আৱদ্ধ কৰিলে ৰাইজে - নুনমাটিৰ ভাস্কৰ কলিতা
মালিগাঁৱত এজন যুৱকে ই এম আইৰ জৰিয়তে এখন দুচকীয়া বাহন ক্ৰয় কৰিছিল । প্ৰতিমাহে দিবলগীয়া ধন আদায় কৰে যদিও ভাস্কৰ নাম এইজন যুৱক তেওঁলোকৰ ঘৰলৈ আহে ই এম আই সংগ্ৰহ কৰিবলৈ ।
![মালিগাঁৱত ভুৱা বেংক বিষয়াক আৱদ্ধ কৰিলে ৰাইজে guwahati-fraud-case](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9383197-thumbnail-3x2-ghy.jpg)
মালিগাঁৱত ভুৱা বেংক বিষয়াক আৱদ্ধ কৰিলে ৰাইজে
মালিগাঁৱত ভুৱা বেংক বিষয়াক আৱদ্ধ কৰিলে ৰাইজে
বৰ্তমান বাহনৰ ডিলাৰ কৰ্তৃপক্ষক বিযয়টো অৱগত কৰিছে ভুক্তভোগীয়ে। ইফালে যুৱকজনে পূৰ্বেও ই এম আই ধন সংগ্ৰহ কৰিছে বুলি স্বীকাৰ কৰে।
লগতে পঢ়ক: দীপাৱলী উপলক্ষে মৃন্ময় শিল্পীৰ ব্যাপক ব্যস্ততা