অসম

assam

ETV Bharat / state

গুৱাহাটীৰ চাৰিওটা সমষ্টিত বিজেপিৰ পূৰ্বৰ স্থিতি বাহাল - পশ্চিম গুৱাহাটী সমষ্টি

বহুকেইজন নেতাক নিৰাশ কৰি পূৰ্বৰ স্থিতিতে অটল বিজেপি । পশ্চিম গুৱাহাটী সমষ্টি এৰি দিলে মিত্রদলক । টিকট বঞ্চিত নেতাৰ ক্ষোভ-অসন্তুষ্টি ।

বহুকেইজন নেতাক নিৰাশ কৰি পূৰ্বৰ স্থিতিতে অটল বিজেপি
বহুকেইজন নেতাক নিৰাশ কৰি পূৰ্বৰ স্থিতিতে অটল বিজেপি

By

Published : Mar 15, 2021, 7:50 PM IST

গুৱাহাটী,১৫ মাৰ্চ: গুৱাহাটীৰ চাৰিটা সমষ্টিৰ ক্ষেত্রত কোনো সাল-সলনি নহ'ল । বিজেপিয়ে পূৰ্বৰ স্থিতি বাহাল ৰাখিলে । সমষ্টি চাৰিটাৰ প্ৰাৰ্থী তালিকাক লৈ বহু নাম চৰ্চালৈ আহিছিল যদিও কোনো পৰিবৰ্তন নহ'ল । পশ্চিম গুৱাহাটী সমষ্টিটো মিত্রদল অসম গণ পৰিষদক পুনৰ বিজেপিয়ে এৰি দিলে আৰু অসম গণ পৰিষদেও বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাকে প্ৰাৰ্থিত্ব দিলে ।

বহুকেইজন নেতাক নিৰাশ কৰি পূৰ্বৰ স্থিতিতে অটল বিজেপি

ইফালে, জালুকবাৰী সমষ্টিত এইবাৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পৰিৱৰ্তে পত্নী ৰিণিকি শৰ্মা ভূঞাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াৱ বুলি চৰ্চা হৈছিল যদিও প্ৰথমখন তালিকাতে সকলো স্পষ্ট হৈ গ'ল । জালুকবাৰীত মন্ত্রী হিমন্ত বিশ্ব শৰ্মাকে প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ল । সেইদৰে দেওবাৰে প্ৰকাশ কৰা বিজেপিৰ তালিকাত দিছপুৰ সমষ্টিত অতুল বৰাক আৰু পূব গুৱাহাটী সমষ্টিত মন্ত্রী সিদ্ধাৰ্থ ভট্টাচাৰ্যক পুনৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ল ।

বহুকেইজন নেতাক নিৰাশ কৰি পূৰ্বৰ স্থিতিতে অটল বিজেপি

লক্ষণীয় বিষয় যে, গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত জালুকবাৰী সমষ্টিক বাদ দি পূৱ গুৱাহাটী, দিছপুৰ আৰু পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিত বৰ্তমানৰ বিধায়ক কেইজনৰ উপৰিও আন কেইবাজনো নেতা টিকটৰ দাবীদাৰ আছিল । জালুকবাৰীৰ কথা সুকীয়া । তাত মন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মা অবিসম্বাদী নেতা । তাৰ পৰা কোনো বিজেপি নেতাই প্ৰতিদ্বন্দ্বিতা কৰাৰ সাহস নকৰে । কিন্তু পূৱ গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ বিৰুদ্ধে মুখ্যমন্ত্রীৰ আইন উপদেষ্টা শান্তনু ভৰালী, প্ৰাক্তন মেয়ৰ মৃগেন শৰণীয়াই টিকট বিচাৰিছিল ।

শেষ মুহুৰ্তলৈকে কোনে সমষ্টিটোত বিজেপিৰ টিকট পাব তাক লৈ উৎকণ্ঠাই বিৰাজ কৰিছিল যদিও অৱশেষত বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যকে প্ৰাৰ্থিত্ব দিয়া হয় । আনহাতে, বিধায়ক অতুল বৰাৰ সমষ্টি দিছপুৰৰ পৰা যুৱ নেতা জয়ন্ত দাস আৰু মৃগাংক বৰ্মনে টিকট বিচাৰিছিল আৰু একপ্ৰকাৰে প্ৰচাৰতো নামি পৰিছিল । কিন্তু এতিয়া অতুল বৰাকে প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ল । যাক লৈ ক্ষোভৰ উদগীৰণ হৈছে । টিকট বঞ্চিত জয়ন্ত দাসে মুকলিকৈ নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ।

বহুকেইজন নেতাক নিৰাশ কৰি পূৰ্বৰ স্থিতিতে অটল বিজেপি

ইফালে, পশ্চিম গুৱাহাটী সমষ্টিটো মিত্রদল অগপক এৰি নিদিয়াৰ দাবী জনাই বিজেপিৰ কেইবাজনো নেতাই প্ৰাৰ্থিত্ব বিচাৰিছিল । কিন্তু বিজেপিয়ে সমষ্টিটো মিত্রদল অগপক এৰি দিলে । যাক লৈ বিজেপিত ক্ষোভ আৰু অসন্তুষ্টি আছে যদিও কোনেও ৰাজহুৱাকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই । ইফালে, পশ্চিম গুৱাহাটী সমষ্টিটো অগপক এৰি দিয়াক লৈ সমষ্টিটোৰ বিজেপি কৰ্মী আৰু সমৰ্থকসকলে ক্ষোভ ব্যক্ত কৰি প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ণ কৰিছিল । উল্লেখ্য যে, গুৱাহাটীৰ চাৰিটা সমষ্টিৰ তিনিটাত নতুন মুখ দেখা পোৱা যাব বুলি সকলোৱে আশা কৰিছিল যদিও বিজেপি পূৰ্বৰ স্থিতিতে অটল থাকিল ।

লগতে পঢ়ক: বাক্সাত ৰঙাঘৰলৈ চাৰি ডকাইত

ABOUT THE AUTHOR

...view details