অসম

assam

গুৱাহাটীত যোগান বিভাগৰ অভিযান

By

Published : Apr 22, 2020, 9:16 PM IST

বুধবাৰে কামৰূপ মহানগৰৰ অতিৰিক্ত উপায়ুক্ত মনোজ শিকাৰীয়া আৰু যোগান বিভাগৰ উপ-সঞ্চালক প্ৰমোদ শ্যামৰ উপস্থিতিত কামৰূপ মহানগৰৰ বেলতলা আৰু বশিষ্ঠ চাৰিআলিত অভিযান । খুচুৰা দোকান,গেছ এজেঞ্চি,পাইকাৰী ব্যৱসায়ী প্ৰতিস্থানত অভিযান চলায় দলটোৱে ।

গুৱাহাটী
গুৱাহাটীত যোগান বিভাগৰ অভিযান

গুৱাহাটী, ২২ এপ্ৰিলঃকামৰূপ মহানগৰৰ অতিৰিক্ত উপায়ুক্ত মনোজ শিকাৰীয়া আৰু যোগান বিভাগৰ উপ-সঞ্চালক প্ৰমোদ শ্যামৰ উপস্থিতিত কামৰূপ মহানগৰৰ বেলতলা আৰু বশিষ্ঠ চাৰিআলি স্থিত খুচুৰা দোকান,গেছ এজেঞ্চি,পাইকাৰী ব্যৱসায়িক প্ৰতিষ্ঠান সমূহত অভিযান চলায় ।

গুৱাহাটীত যোগান বিভাগৰ অভিযান

অভিযান কালত বশিষ্ঠ চাৰিআলিস্থিত পাইকাৰী ব্যৱসায়িক প্ৰতিষ্ঠান গণপতি ভাণ্ডাৰত কিছু খেলি-মেলি পোৱাত তেওঁলোকক সতৰ্ক কৰি দিয়াৰ লগতে চিটি গেছ এজেঞ্চিত সামাজিক দুৰত্ব বজায় নৰখা কাৰণেও এজেঞ্চি কৰ্তৃপক্ষক ভৱিষ্যতে এনে নকৰিবলৈ সকীয়াই দিয়ে । আনহাতে,ভৱিষ্যতে চৰকাৰৰ নিৰ্দেশ অমান্য কৰিলে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও সদৰী কৰে ।

গুৱাহাটীত যোগান বিভাগৰ অভিযান

লগতে চাওকঃ সৰ্থেবাৰী অঞ্চলৰ কাঁহ শিল্পীৰ পৰিয়াললৈ আৰক্ষীৰ ফালৰ পৰা সহায়ৰ হাত

ABOUT THE AUTHOR

...view details