অসম

assam

ETV Bharat / state

এমাহত ৩৫,৫৪০ টকা বিদ্যুতৰ বিল - GUWAHATI ELECTRICITY HUGE BILL NEWS MALIGAON

এগৰাকী লোকৰ এমাহৰ বিদ্যুতৰ বিল আহিল প্ৰায় ৩৫,৫৪০ টকা ৷ ক'ৰ পৰা কেনেকৈ হঠাৎ ইমান বিল আহিল আচৰিত এটা পৰিয়াল ৷

এমাহত ৩৫,৫৪০ টকা বিদ্যুতৰ বিল

By

Published : Aug 26, 2019, 8:16 PM IST

গুৱাহাটী, 26 আগষ্টঃ শক্তি বিভাগৰ আজৱ কাণ্ড। এগৰাকী লোকৰ এমাহৰ বিদ্যুতৰ বিল আহিল প্ৰায় ৩৫,৫৪০ টকা । মহানগৰীৰ পাণ্ডুৰ বিশ্বজিৎ সূত্ৰধৰ নামৰ ব্যক্তিগৰাকীৰ ক্ষেত্ৰত সংঘটিত হৈছে এই ঘটনা। হঠাৎ এনেদৰে বৃহৎ পৰিমাণৰ বিল অহাত আচৰিত হয় বিশ্বজিৎ সূত্ৰধৰ নামৰ লোকজন। শক্তি বিভাগৰ গাফিলতিৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ লোকজনৰ ৷ সাধাৰণ দোকান দি জীৱন নিৰ্বাহ কৰা বিশ্বজিৎ সূত্ৰধৰে এতিয়া কাষ চাপিছে শক্তি বিভাগৰ। কিন্তু বৰ্তমানলৈ কোনো সদূত্তৰ পোৱা নাই বিভাগটোৰ পৰা। এফালে যদি বিদ্যুতৰ সঘন লুকাভাকু আনফালে বিভাগটোৰ এনে কাণ্ডই হাৰাশাস্তি কৰিছে ৰাইজক ৷

এমাহত ৩৫,৫৪০ টকা বিদ্যুতৰ বিল

ABOUT THE AUTHOR

...view details