গুৱাহাটী,15 মেঃ ইছলাম ধৰ্মালম্বী সকলৰ পবিত্ৰ ঈদলৈ কেইটামান দিন বাকী । কিন্তু এইবেলি কৰ'ণা ভাইৰাছৰ আতংকই ঈদৰ আনন্দ সম্পূৰ্ণৰূপে ম্লান পেলাইছে । যাৰ ফলত চিন্তাত পৰিছে মহানগৰীৰ ফল-মূলৰ লগতে কাপোৰৰ ব্যৱসায়ীসকল । গ্ৰাহকৰ অভাৱত ব্যৱসায়ী সকলে দোকানৰ ভাড়াৰ লগতে বিদ্যুতৰ মাচুল পৰিশোধ কৰাতো অসমৰ্থ হৈছে । উল্লেখ্য যে, পূৰ্বে ফাঁচী বজাৰৰ পৰা ফল-মূল আনি কিছুমান ফল ব্যৱসায়ীয়ে ব্যৱসায় চলাই আছিল যদিও ফাঁচী বজাৰত মুঠ ১৬ গৰাকীকৈ কৰ'ণা ভাইৰাছত আক্ৰান্ত লোক চিনাক্ত হোৱাত প্ৰশাসনে সম্পূৰ্ণৰূপে ছীল কৰি দিছে ফাঁচী বজাৰ । তৃতীয় পৰ্যায়ৰ লক ডাউনত চৰকাৰে কিছু শিথিলতা প্ৰদান কৰিছে যদিও জনসাধাৰণে কৰ'ণা ভাইৰাছৰ আতংকৰ বাবে কেৱল অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰতে গুৰুত্ব আৰোপ কৰিছে ।
মহানগৰীত সেমেকা ৰমজান আৰু ঈদৰ বজাৰ - Assam Corona
এইবেলি কৰ'ণা ভাইৰাছৰ আতংকই ঈদৰ আনন্দ সম্পূৰ্ণৰূপে ম্লান পেলাইছে । যাৰ ফলত চিন্তাত পৰিছে মহানগৰীৰ ফল-মূলৰ লগতে কাপোৰৰ ব্যৱসায়ীসকল ।
![মহানগৰীত সেমেকা ৰমজান আৰু ঈদৰ বজাৰ Guwahati Eid market](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7209773-thumbnail-3x2-g.jpg)
মহানগৰীত সেমেকা ৰমজান আৰু ঈদৰ বজাৰ
মহানগৰীত সেমেকা ৰমজান আৰু ঈদৰ বজাৰ