গুৱাহাটী, ২৭ ফেব্ৰুৱাৰী: গুৱাহাটীৰ ডাবল মাৰ্ডাৰৰ খলনায়িকা বন্দনা কলিতাসহ অৰূপ ডেকা আৰু ধনটি ডেকাক সোমবাৰে পুনৰ চাৰিদিনৰ বাবে আৰক্ষীৰ জিম্মাত দিয়া হৈছে (Bandana Kalita sent to 4 days police custody) । সোমবাৰে অমৰজ্যোতি দে’ আৰু শংকৰী দে’ৰ নৃশংস হত্যাকাৰী বন্দনা কলিতাসহ অৰূপ ডেকা আৰু ধনটি ডেকাক আৰক্ষীয়ে আদালতত হাজিৰ কৰিছিল । আদালতে অমৰজ্যোতি দে’ আৰু শংকৰী দে’ৰ হত্যাকাণ্ডৰ অধিক তথ্য প্ৰমাণ সংগ্ৰহৰ বাবে বন্দনা কলিতাসহ অৰূপ ডেকা আৰু ধনটি ডেকাক চাৰিদিনৰ বাবে আৰক্ষীৰ জিম্মাত দিয়ে (Guwahati Double Murder Prime accused) ।
বন্দনা কলিতাক পানবজাৰ মহিলা আৰক্ষী থানাত আৰু অৰূপ আৰু ধনটিক নুনমাটি আৰক্ষী থানাত ৰখা হৈছে । আৰক্ষীয়ে তিনিওৰে মাৰাথন জেৰা অব্যাহত ৰাখিছে । উল্লেখ্য যে, বন্দনা কলিতাসহ অৰূপ ডেকা আৰু ধনটি ডেকাই সুস্থ মস্তিষ্কৰে পৰিকল্পিতভাৱে হত্যা কৰা অমৰজ্যোতি দে’ আৰু শংকৰী দে’ৰ শৰীৰৰ অৱশিষ্ট অংশ এতিয়াও বিচাৰি পোৱা নাই (Brutal murder in Guwahati) । বন্দনা কলিতা, অৰূপ ডেকা আৰু ধনটি ডেকাই অমৰজ্যোতি দে’ আৰু শংকৰী দে’ক হত্যা কৰি টুকুৰা টুকুৰ কৰা মূৰৰ অংশ বিচাৰি আৰক্ষীয়ে এতিয়াও তদন্ত অব্যাহত ৰাখিছে ।