অসম

assam

ETV Bharat / state

Guwahati Double Murder : অন্যতম অভিযুক্ত অৰূপ ডেকাৰ জামিন লাভ - অভিযুক্ত বন্দনা কলিতা

সুদীৰ্ঘ 8 মাহৰ অন্তত জামিন লাভ ৰাজ্য কঁপোৱা গুৱাহাটীৰ ডাবল মাৰ্ডাৰকাণ্ডৰ অন্যতম অভিযুক্ত অৰূপ ডেকাৰ ৷ যোৱা ১৭ ফেব্ৰুৱাৰীত বন্দনাক গ্ৰেপ্তাৰ কৰাৰ লগতে ধনটি ডেকা আৰু অৰূপ ডেকা নামৰ দুই সহযোগীক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল ।

Guwahati Double Murder
অন্যতম অভিযুক্ত অৰূপ ডেকাৰ জামিন লাভ

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 1:01 PM IST

গুৱাহাটী, 12 অক্টোবৰ: ৰাজ্য কঁপোৱা গুৱাহাটীৰ ডাবল মাৰ্ডাৰকাণ্ডৰ অন্যতম অভিযুক্ত অৰূপ ডেকাই শুকুৰবাৰে জামিন লাভ কৰে ৷ কেইবামাহো জেল খটাৰ পাচত বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে অৰূপৰ জামিন মঞ্জুৰ কৰে। হত্যাকাণ্ডৰ মূল অভিযুক্ত বন্দনা কলিতা আৰু ধনটি ডেকা এতিয়াও কাৰাবন্দী হৈ আছে। আৰক্ষীয়ে যোৱা ১৭ ফেব্ৰুৱাৰীত বন্দনাক গ্ৰেপ্তাৰ কৰাৰ লগতে ধনটি ডেকা আৰু অৰূপ ডেকা নামৰ দুই সহযোগীক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল ।

বিগত বৰ্ষৰ আগষ্ট মাহতে গুৱাহাটীৰ নাৰেংগীত সংঘটিত হৈছিল এই বৰ্বৰ হত্যাকাণ্ডৰ ঘটনা। অভিযোগ অনুসৰি বন্দনা কলিতাই দুজন সংগীৰ সহযোগত স্বামী অমৰজ্যোতি দে' আৰু শাহু আই শংকৰী দে'ক হত্যা কৰিছিল । কেৱল হত্যা কৰাই নহয় মৃতদেহ কাটি টুকুৰা টুকুৰ কৰি পেলাই দিছিল মেঘালয়ৰ ডাউকীৰ সমীপৰ দ' খাৱৈত । ইয়াৰ প্ৰায় 7 মাহৰ পিচত মাতৃ-পুত্ৰক হত্যাৰ ঘটনাটো পোহৰলৈ আহিছিল।

উল্লেখ্য যে, আৰক্ষীয়ে হত্যাকাণ্ডৰ ঘটনাটোৰ পূৰ্ণাংগ অভিযোগনামা দাখিল‌ কৰিব নোৱাৰাৰ বাবেই নুনমাটিৰ ডাবল মাৰ্ডাৰ কাণ্ডৰ অন্যতম অভিযুক্ত অৰূপ ডেকাই অৱশেষত জামিন লাভ কৰে বুলি জানিব পৰা গৈছে । গুৱাহাটী উচ্চ ন্যায়ালয়ে অৰূপ ডেকাৰ জামিনৰ সন্দৰ্ভত দিয়া নিৰ্দেশনাত আৰক্ষীৰ তদন্তৰ হেমাহিৰ কথা স্পষ্টকৈ উল্লেখ আছে ।

ইয়াৰ পূৰ্বে নুনমাটি আৰক্ষীয়ে এই হত্যাকাণ্ডৰ মূল অভিযুক্ত বন্দনা কলিতা আৰু তেওঁৰ দুই সহযোগীৰ বিৰুদ্ধে ১২০০ পৃষ্ঠাজোৰা আংশিক অভিযোগনামা আদালতত দাখিল কৰিছিল। আদালতত দাখিল কৰা চাৰ্জশ্বীটত সমগ্ৰ হত্যাকাণ্ডৰ প্ৰমাণ নথি-পত্ৰ দাখিল কৰি স্পষ্টকৈ উল্লেখ কৰা হৈছিল যে এই হত্যাকাণ্ড পৰকীয়া প্ৰেম আৰু সম্পত্তিৰ বাবে সংঘটিত কৰা হৈছিল ৷ কিন্তু তাৰ‌ পিচত এতিয়ালৈকে আৰক্ষীয়ে হত্যাকাণ্ডৰ ঘটনাটোৰ পূৰ্ণাংগ অভিযোগনামা দাখিল‌ কৰাত ব্যৰ্থ হয় ৷

লগতে পঢ়ক:Guwahati double murder: হত্য়াকাণ্ড সংঘটিত কৰাৰ অভিযোগ নাকচ বন্দনা কলিতাৰ

ABOUT THE AUTHOR

...view details