গুৱাহাটী, ১৪ ডিচেম্বৰঃ ৰাজ্যত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে ৷ ঠায়ে ঠায়ে সান্ধ্য আইন বলৱৎ হৈ আছে যদিও সাময়িকভাৱে গুৱাহাটীকে ধৰি কিছু ঠাইত শিথিল কৰা হৈছে ৷ ইতিমধ্যে ব্যাহত হৈ আছে ইণ্টাৰনেট সেৱাও ৷ ৰাজ্যৰ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ জিলা প্ৰশাসনে গুৱাহাটীৰ সকলো শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা কৰিছে আৰু চৰকাৰৰ সেই ঘোষণাৰ প্ৰতি মহানগৰীৰ সকলো শৈক্ষিক প্ৰতিষ্ঠানে সহাৰি জনাইছে ৷ লগতে সকলো বিশ্ববিদ্যালয় তথা মহাবিদ্যালয়ে নিজৰ পৰীক্ষাসমূহ বাতিল কৰিছে ৷
জাতিৰ আৱেগক বুঢ়া আঙুলি ডনবস্কৰ - গুৱাহাটীৰ ডনবস্ক' বিদ্যালয়
অসমৰ জাতীয় চেতনাক চৰম অৱমাননা গুৱাহাটীৰ ডনবস্ক' বিদ্যালয়ৰ ৷ ৰাজ্যৰ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ জিলা প্ৰশাসনে গুৱাহাটীৰ সকলো শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা কৰিছে যদিও চৰকাৰী নিৰ্দেশক ভেঙুচালি পানবজাৰস্থিত ডনবস্ক' বিদ্যালয়ৰ ৷
সেই সময়তে গুৱাহাটী মহানগৰীৰে এখন অভিজাত বিদ্যালয়ে গ্ৰহণ কৰিছেজাতীয় চেতনাহীন সিদ্ধান্ত ৷ প্ৰাপ্ত তথ্য অনুসৰি ১৬ ডিচেম্বৰৰ পৰা গুৱাহাটীৰ পানবজাৰস্থিত ডনবস্ক' বিদ্যালয়ৰ পৰীক্ষাসমূহ অনুষ্ঠিত হোৱাৰ কথা আছিল । উল্লেখ্য যে কেৱল ডনবস্ক'ই নহয়, আন কেইবাখনো বিদ্যালয়ৰ পৰীক্ষা এই সময়ত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও সকলোৱে সেয়া বাতিল কৰিছে । কিন্তু আঁকোৰগোজ স্থিতিত ডনবস্ক' কৰ্তৃপক্ষ। বহু অভিভাৱকৰ অনুৰোধ স্বত্বেও বিদ্যালয় কৰ্তৃপক্ষই চৰকাৰী নিৰ্দেশক ভেঙুচালি কৰি সাজু হৈছে ১৬ ডিচেম্বৰৰ পৰা পৰীক্ষা পাতিবলৈ ।
আৰু পঢ়কঃক্ৰমাৎ স্বাভাৱিক মহানগৰীৰ জনজীৱন