গুৱাহাটী, ২০ মে’: ক’ভিড সংক্ৰমণ প্ৰাৰম্ভিক পৰ্যায়তে ধৰা পেলোৱাৰ বাবে পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰাত গুৰুত্ব আৰোপ কৰিছে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে । এই ক্ষেত্ৰত সজাগতা বৃদ্ধিৰ বাবে তেওঁ বিভিন্ন উদ্ভাৱনমূলক উপায় গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে ।
কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য সমিতিৰ দ্বাৰা মহানগৰীত অব্যাহত থকা ক’ভিড পৰীক্ষা অভিযানৰ পৰ্যালোচনাৰ বাবে বৃহস্পতিবাৰে অনুষ্ঠিত বৈঠকত এই নিৰ্দেশ দিয়ে উপায়ুক্তগৰাকীয়ে। জিলা উপায়ুক্ত গৰাকীৰ নিৰ্দেশমৰ্মে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, কামৰূপ মহানগৰে জিলাখনত ক’ভিড পৰীক্ষা অভিযান আৰম্ভ কৰিছে ।
ইতিমধ্যে, মাইকযোগে প্ৰচাৰ আৰু ঘৰে ঘৰে প্ৰচাৰ পত্ৰিকা বিতৰণৰ লগতে ক’ভিড পৰীক্ষণ কেন্দ্ৰসমূহেও ৬৬টা পৰীক্ষা কেন্দ্ৰৰ তালিকা আৰু গৃহ আছুটীয়া কৰণৰ বিষয়ে প্ৰচাৰ পত্ৰিকাৰ দ্বাৰা ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে ব্যৱস্থা হাতত লৈছে ৷
এই অভিযানত গুৱাহাটী পৌৰ নিগম পৰিসীমাৰ ভিতৰত পৰা সকলো এপাৰ্টমেণ্ট, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, সংবাধ মাধ্যমৰ কাৰ্যালয়, বেচৰকাৰী সংস্থা, শ্বপিং মল আদিকো সাঁমৰি লোৱা হৈছে ৷