অসম

assam

ETV Bharat / state

মহানগৰীৰ প্ৰতিটো ৱাৰ্ডত স্বাৱ টেষ্টৰ ব্যবস্থা - স্বাৱ টেষ্ট চেণ্টাৰ

উজান বজাৰৰ চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত পুৱাৰে পৰা কোভিড-19 স্বাৱ টেষ্টৰ বাবে ৰাইজৰ ভিৰ ৷

guwahati covid test center increase
মহানগৰীৰ প্ৰতিটো ৱাৰ্ডত স্বাৱ টেষ্টৰ ব্যবস্থা

By

Published : Jun 24, 2020, 8:25 PM IST

গুৱাহাটী,24জুনঃ মহানগৰীত ক'ৰণাত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱা পিছতে মহানগৰীৰ প্ৰতিটো ৱাৰ্ডত এতিয়া স্বাৱ টেষ্ট চেণ্টাৰ মুকলি কৰা হৈছে। প্ৰতিজন লোকৰ ক'ৰণা টেষ্টৰ বাবে এতিয়া চৰকাৰে কৰিছে ব্যৱস্থা । ৰাজ্যত 6000 হাজাৰতকৈ অধিক ক'ৰণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে-লগে কঠোৰ হৈছে স্বাস্থ্য বিভাগৰ লগতে প্ৰশাসন। মহানগৰীৰ বহু কেইটা স্থানত 14 দিনৰ বাবে লক ডাউন দিয়াৰ লগতে সামাজিক দূৰত্ব বর্তাই ৰখা আৰু মাস্ক পিন্ধোটো বাধ্যতামূলক কৰিছে প্ৰশাসনে।

মহানগৰীৰ প্ৰতিটো ৱাৰ্ডত স্বাৱ টেষ্টৰ ব্যবস্থা
আনহাতে যোৱা বৃহস্পতিবাৰৰ পৰাই মহানগৰীৰ 32 টা ৱাৰ্ডত স্বাৱ টেষ্ট কৰা হৈছে । উজান বজাৰত থকা উজান বজাৰ চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত পুৱাৰে পৰা কোভিড-19 টেষ্টৰ বাবে ৰাইজে শাৰী পাতা দেখা গৈছে । পূৰ্বতে মহানগৰীৰ 12 স্থানত কোভিড -19 পৰীক্ষা কৰা হৈছিল যদিও এতিয়াৰে পৰা ৰাইজৰ সুবিধাৰ্থে প্ৰতিটো ৱাৰ্ডত কোভিড-19 টেষ্টৰ বাবে সুবিধা কৰি দিছে স্বাস্থ্য বিভাগে বুলি জানিব পৰা গৈছে ।


লগতে পঢকঃ স্নাতকোত্তৰ শিক্ষাৰ্থীৰ শিক্ষা ঋণ ৰেহাইৰ দাবী এনএছইউআইৰ

ABOUT THE AUTHOR

...view details