গুৱাহাটী, ৪ জানুৱাৰী :ৰাজ্যত পুনৰ বৃদ্ধি পাইছে কৰ'ণাৰ সংক্ৰমণ (Assam covid cases more than double in a day)। বিগত ২৪ ঘণ্টাত ৰাজ্যত ৩৫১ গৰাকী লোক নতুনকৈ ক'ভিডত আক্ৰান্ত হৈছে । ইয়াৰে ১৬৪ গৰাকীয়ে গুৱাহাটী মহানগৰীৰ । হঠাৎ বৃদ্ধি পোৱা কৰ'ণাৰ সংক্ৰমণে এতিয়া সৰ্বত্ৰে আতংকৰ সৃষ্টি কৰিছে (Guwahati covid cases more than double in a day) ।
বিগত ২৪ ঘণ্টাত হোজাইত ২২, কামৰূপত ২১ আৰু যোৰহাট জিলাত ১৬ গৰাকী ক’ভিড প’জিটিভ ৰোগী ধৰা পৰিছে । তদুপৰি বোকাখাতত ১, বৰপেটাত ৯, বিশ্বনাথত ২, বঙাইগাঁৱত ২, কাছাৰত ১২, চৰাইদেউত ১, চিৰাঙত ৪, দৰঙত ৪, ধেমাজিত ৯, ধুবুৰীত ৭, ডিব্ৰুগড়ত ১৩, গোৱালপাৰাত ৩, গোলাঘাটত ৩, কাৰ্বি আংলং জিলাত ৬, কৰিমগঞ্জত ১০, কোকৰাঝাৰত ৬, লখিমপুৰত ৩, মৰিগাঁৱত ৪, নগাঁৱত ৬, নলবাৰীত ২, শিৱসাগৰত ২, শোণিতপুৰত ৪, দক্ষিণ শালমাৰাত ১, তিনিচুকীয়াত ১২ আৰু ওদালগুৰি জিলাত ২ গৰাকী লোক নতুনকৈ কৰ'ণাত আক্ৰান্ত হৈছে ।
ইফালে বিগত ২৪ ঘণ্টাত ৰাজ্যত দুগৰাকী লোকৰ ক’ভিডত মৃত্যু হয় ।
ক'ভিডত প্ৰাণ হেৰুওৱা লোক দুজনৰ ঘৰ শিৱসাগৰ আৰু শোণিতপুৰ জিলাৰ । স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি ৰাজ্যৰ ৩৬,৬১৩ গৰাকী লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছিল ৷ ইয়াৰে ১৬৪ গৰাকীৰ দেহত ক'ভিডৰ উপস্থিতি ধৰা পৰে । সেই অনুসৰি ক'ভিড আক্ৰান্তৰ হাৰ ০.৯৬ শতাংশ (Guwahati covid cases more than double in a day) ।
বিগত ২৪ ঘণ্টাত ৫৩ গৰাকী ৰোগীয়ে ক'ভিডমুক্ত হৈ হাস্পতালৰ পৰা যাবৰৈ সক্ষম হৈছে । অৱশ্যে এতিয়াও ৰাজ্যত ১,২৭০ গৰাকীয়ে ক'ভিডৰ বিৰুদ্ধে যুঁজ দি আছে । উল্লেখ যে, এতিয়ালৈকে ৰাজ্যৰ ৩,৭৮,৬০,৮৪১ গৰাকীয়ে ক’ভিড ভেকচিন গ্ৰহণ কৰিছে ।