গুৱাহাটী, 22 ছেপ্তেম্বৰঃ কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ কৃষকৰ ক্ষেত্ৰত প্ৰৱৰ্তন কৰা অধ্যাদেশ তিনিখনকলৈ মংগলবাৰে প্ৰতিবাদত বহিল অসম প্ৰদেশ কংগ্ৰেছ কমিটি ৷ কেৱল স্বৈৰাচাৰীভাৱে লোকসভাত গৃহিত কৰাই অনা এই কৃষি অধ্যাদেশ কৃষকৰ চৰম পৰিপন্থী বুলি অভিযোগ অনাৰ লগতে এই অধ্যাদেশৰ জড়িয়তে সমগ্ৰ কৃষি ব্যৱস্থাটো পুঁজিপতিৰ হাতত গতাই দিয়াৰ চক্ৰান্ত বুলি অভিহিত কৰিলে প্ৰদেশ কংগ্ৰেছে ৷ উল্লেখ্য যে, লোকসভাত এই অধ্যাদেশখনৰ বিৰুদ্ধে সোমবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাৰ লগতে আন কেইবাগৰাকীও সাংসদে ৷ যাৰবাবে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাৰ লগতে আন ৮ গৰাকী সাসংদক সংসদৰ আগন্তুক অধিবেশনৰ পৰা নিলম্বন কৰা হয় ৷
ইয়াৰ পাছতেই নিলম্বনৰ বিৰোধিতাৰে আৰু কৃষি অধ্যাদেশ বাতিল কৰাৰ দাবীত সোমবাৰে গোটেই নিশা সংসদৰ বাহিৰত গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত অৱস্থান ধৰ্মঘট পালন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ লগতে নিলম্বিত আন কেইগৰাকী সাসংদেও ৷ সমান্তৰালভাৱে কংগ্ৰেছী সাংসদ সকলক সংসদৰ আগন্তুক অধিবেশনৰ পৰা নিলম্বন কৰাৰ আৰু কৃষি অধ্যাদেশৰ বিৰোধিতাৰে দেশজুৰী প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কংগ্ৰেছ কৰ্মী সকলে ৷ গুৱাহাটী মহানগৰীতো প্ৰদেশ কংগ্ৰেছৰ আহ্বান মৰ্মে যুৱ কংগ্ৰেছ কৰ্মী সকলে ৰাজীৱ ভৱনত ৰূপায়ণ কৰিলে প্ৰতিবাদী কাৰ্যসূচী ৷ ডবা কাঁহ বজাই বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল কৰিলে প্ৰতিবাদস্থলী ৷
কৃষি আইন প্ৰত্যাহাৰৰ দাবীত অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদ - undefined
সংসদৰ আগন্তুক অধিবেশনৰ পৰা নিলম্বন কৰাৰ পাছতেই নিলম্বনৰ বিৰোধিতাৰে আৰু কৃষি অধ্যাদেশ বাতিল কৰাৰ দাবীত সোমবাৰে গোটেই নিশা সংসদৰ বাহিৰত গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত অৱস্থান ধৰ্মঘট পালন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ লগতে নিলম্বিত আন কেইগৰাকী সাসংদেও ৷ সমান্তৰালভাৱে কংগ্ৰেছী সাংসদ সকলক সংসদৰ আগন্তুক অধিবেশনৰ পৰা নিলম্বন কৰাৰ আৰু কৃষি অধ্যাদেশৰ বিৰোধিতাৰে দেশজুৰী প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কংগ্ৰেছ কৰ্মী সকলে ৷
কৃষি আইন প্ৰত্যাহাৰৰ দাবীত অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদ
লগতে পঢ়কঃ শিৱসাগৰত অৱহেলিত 90 বছৰ পুৰণি ঐতিহাসিক ভৱন