অসম

assam

ETV Bharat / state

নিৰ্বাচন আয়োগে বিজেপিৰ হেঁচাত কাম কৰিছে: ৰিপুণ বৰা - assam pradesh congress

ইভিএম ৰখা ষ্ট্ৰং ৰুমৰ বাহিৰত ৰাজনৈতিক দলসমূহক নিজাকৈ চিচিটিভি স্থাপন কৰাৰ অনুমতি দিয়াৰ দাবী উত্থাপন কৰিছে কংগ্ৰেছে । বুধবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজন কৰা এখন সংবাদমেলত এই দাবী উত্থাপন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ।

guwahati-congress-press-meet
নিৰ্বাচন আয়োগে বিজেপিৰ হেঁচাত কাম কৰিছে : ৰিপুন বৰা

By

Published : Apr 7, 2021, 8:07 PM IST

গুৱাহাটী,৭ এপ্ৰিল: ইভিএম ৰখা ষ্ট্ৰং ৰুমৰ বাহিৰত ৰাজনৈতিক দলসমূহক নিজাকৈ চিচি টিভি স্থাপন কৰাৰ অনুমতি দিয়াৰ দাবী উত্থাপন কৰিছে কংগ্ৰেছে । বুধবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজন কৰা এখন সংবাদমেলত এই দাবী উত্থাপন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই । ইতিমধ্যে এই সন্দৰ্ভত ২৮ মাৰ্চত মুখ্য নিৰ্বাচনী বিষয়ালৈ পত্র প্ৰেৰণ কৰা হৈছিল যদিও কোনো উত্তৰ দিয়া নাই বুলি উল্লেখ কৰি সভাপতি বৰাই পুনৰ সেই দাবী উত্থাপন কৰে ।

নিৰ্বাচন আয়োগে বিজেপিৰ হেঁচাত কাম কৰিছে : ৰিপুন বৰা

আনহাতে বুধবাৰে এখন পত্রযোগে ষ্ট্ৰং ৰুমত স্থাপন কৰা চিচিটিভিৰ এক্সেছ লিংক প্ৰাৰ্থীসকলক দিয়াৰ বাবে মুখ্য নিৰ্বাচনী বিষয়ালৈ আহ্বান জনোৱা হৈছে বুলি বৰাই সদৰি কৰে । সভাপতি বৰাই কয় যে, "বিজেপি চৰকাৰৰ ওপৰত কোনো বিশ্বাস নাই । তেওঁলোকে ষ্ট্ৰং ৰুমত ইভিএম জালিয়াতি কৰিব পাৰে । ক্ষমতা লাভৰ বাবে বিজেপিয়ে যিকোনো কাম কৰিব পাৰে । তেওঁলোক হৰাটো নিশ্চিত । আমাৰ দলীয় আৰু এজেঞ্চিৰ এছেচমেণ্ট মতে এইটো স্পষ্ট যে কংগ্ৰেছ নেতৃত্বৰ মহাজোঁটে সাংঘাতিক ধৰণে সংখ্যাগৰিষ্ঠতা লাভ কৰিব" ৷

নিৰ্বাচন আয়োগে বিজেপিৰ হেঁচাত কাম কৰিছে : ৰিপুন বৰা

ইভিএমৰ প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি সভাপতি বৰাই কয় যে, "দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পৰা নিৰ্বাচন আয়োগে শিক্ষা নললে বাবেই তৃতীয় পৰ্যায়তো ইভিএমক লৈ বিভিন্ন ঘটনা সংঘটিত হ'ল । বৰপেটা, বৰক্ষেত্রী, গোলকগঞ্জ, ধাৰাপুৰ আদিত সন্দেহজনকভাৱে ই ভি এম পৰিবহণ কৰাৰ ঘটনা সংঘটিত হৈছে । নিৰাপত্তা ব্যৱস্থা নথকাকৈ ই ভি এম পৰিবহণ কৰাটো সন্দেহজনক । নিৰ্বাচন আয়োগে বিজেপিৰ হেঁচাত কাম কৰিছে । আয়োগে নিজৰ স্বতন্ত্রতা ৰক্ষা কৰিব পৰা নাই । এইক্ষেত্রত নিৰ্বাচন আয়োগে ৰাইজক পতিয়ন নিব পৰাকৈ স্পষ্টিকৰণ দিয়াৰ বাবে আমি দাবী জনাইছো । কিয় নিৰ্বাচনৰ সময়ত সন্দেহজনকভাৱে ই ভি এম পৰিবহণ কৰিবলগীয়া হ'ল । সংঘটিত হোৱা বহু ঘটনাৰ ক্ষেত্রত কংগ্ৰেছে বহুকেইখন স্মাৰক পত্র দিলে যদিও আয়োগে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে । "

নিৰ্বাচন আয়োগে বিজেপিৰ হেঁচাত কাম কৰিছে : ৰিপুন বৰা

আনহাতে বিতৰ্কিত লেখিকা শিখা শৰ্মাৰ প্ৰসংগত সভাপতি বৰাই কয় যে, "শ্বহীদক অপমান কৰাৰ অভিযোগত শিখা শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছে তাত আমাৰ ক'বলগীয়া একো নাই । এইক্ষেত্রত আইনে ব্যৱস্থা গ্ৰহণ কৰিব । কিন্তু সামাজিক মাধ্যমত শিখা শৰ্মাক গণধৰ্ষণ কৰাৰ ভাবুকি দিয়া বিজেপিৰ সমৰ্থকসকলক কিয় গ্ৰেপ্তাৰ কৰা নাই" ৷

লগতে পঢ়ক: ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ ক'ভিড-19ত আক্ৰান্ত

ABOUT THE AUTHOR

...view details