গুৱাহাটী,৭ নৱেম্বৰ:কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত সোমবাৰে অতিৰিক্ত উপায়ুক্ত ড° ধ্ৰুৱজ্যোতি হাজৰিকা(ADC Dhruvjyoti Hazarika)ৰ সভাপতিত্বত অনুষ্ঠিত হয় আঞ্চলিক পৰিৱহণ কৰ্তৃপক্ষৰ এখন সভা (Regional Transport Authority) । চিটি বাছ আৰু মেজিক বাহনসমূহৰ চলাচলক এক বিশেষ আঁওতালৈ অনাৰ উদ্দেশ্যে অনুষ্ঠিত এই সভাত কামৰূপ মহানগৰ জিলাৰ আঞ্চলিক পৰিবহণ কৰ্তৃপক্ষৰ বিষয়-ববীয়াৰ উপৰি উপ-আৰক্ষী আয়ুক্ত (যান-বাহন) হিৰণ্য বৰ্মন, জিলা পৰিবহণ বিষয়া আৰু সংশ্লিষ্ট বিভাগৰ বিষয়া-বৰ্গ উপস্থিত থাকে (New city bus rule in Guwahati) ।
গুৱাহাটী মহানগৰীৰ কিছুমান পথত মাত্ৰাধিক চিটি বাছ চলাচলৰ প্ৰতি লক্ষ্য ৰাখি এতিয়াৰে পৰা কোন পথেৰে কিমান চিটি বাছ চলে, প্ৰকৃততে সেই পথৰ জনসাধাৰণৰ সংখ্যা অনুযায়ী প্ৰয়োজনীয়তা কিমান আদি তথ্য প্ৰশাসনৰ ওচৰত দাখিল কৰিবলৈ সভাত অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে আঞ্চলিক পৰিবহণ কৰ্তৃপক্ষক দায়িত্ব প্ৰদান কৰে । সভাৰ সিদ্ধান্ত অনুসৰি মহানগৰীৰ প্ৰধান পথসমূহত চিটি বাছ চলাচলৰ অনুমতিৰ ক্ষেত্ৰত লটাৰিৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰে ।