গুৱাহাটী, ২৮ ছেপ্টেম্বৰ :দুৰ্গা পূজালৈ মাজত মাথো দুদিন বাকী (Durga Puja 2022) । সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীত দুৰ্গা পূজাৰ প্ৰস্তুতি তুংগত উঠিছে (Durga Puja Preparation in Guwahati)। পূজাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি উখল মাখল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে ।
ইপিনে দুৰ্গা পূজাৰ মাজতে 2 অক্টোবৰত মহানগৰীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত ক্ৰিকেট মেচ (Cricket match between India and South Africa) । তাৰ প্ৰতি লক্ষ্য ৰাখি নাগৰিকৰ সুৰক্ষাৰ বাবে সষ্টম হৈছে মহানগৰ আৰক্ষী তথা প্ৰশাসন ব্যৱস্থা । মহানগৰীৰ কোনো প্ৰান্ততে যাতে কোনো ধৰণৰ কূটাঘাতমূলক কাৰ্য সংঘটিত হ’ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি কঠোৰ হৈছে মহানগৰ আৰক্ষী ৷
লগতে পঢ়ক :Durga Puja 2022: লাখ টকা ব্যয় সাপেক্ষে মহানগৰীত এতিয়া পূজা মণ্ডপৰ অঘোষিত প্ৰতিযোগিতা
এই বিষয় সন্দৰ্ভত মহানগৰ আৰক্ষী আয়ুক্ত হৰমিত সিঙে কয়, ‘‘দুৰ্গা পূজা এটা গুৰুত্বপূৰ্ণ উৎসৱ । নাগৰিকসকলে যাতে নিৰাপদ আৰু সুৰক্ষিতভাৱে উৎসৱৰ বতৰ উপভোগ কৰিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰীত নিৰাপত্তা বৃদ্ধি কৰা হ’ব’’ (Guwahati city police ready for Durga Puja) । লগতে তেওঁ কয়, ‘‘সমগ্ৰ দেশতে দেশ বিৰোধী শক্তিৰ বিৰুদ্ধে শেহতীয়াকৈ সফল অভিযানৰ প্ৰতি লক্ষ্য ৰাখি আমি দেশ বিৰোধী উপাদানসমূহৰ বিৰুদ্ধে সাৱধান হোৱাটো অতি প্ৰয়োজন’’ ।
তদুপৰি পূজাৰ সপ্তমীৰ দিনা অৰ্থাৎ ২ অক্টোবৰত গুৱাহাটীতো এখন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলৰ কথা আছে । উৎসৱৰ সময়ত মহানগৰীত বৰ্তমানতকৈ দুগুণ আৰক্ষী নিয়োগ কৰা হ’ব । উৎসৱৰ বতৰত মহানগৰীত যাতে যান-জঁটৰ সৃষ্টি নহয়, তাৰ বাবে ৰাইজক যান বহন আইন মানি চলিবলৈ আহ্বান জনাই মহানগৰ আৰক্ষী আয়ুক্ত হৰমিত সিঙে ।
উল্লেখ্য যে, ক’ৰণাসৃষ্টি পৰিৱেশৰ বাবে যোৱা দুবছৰ অনুষ্টুপীয়াকৈ পূজাৰ আয়োজন কৰাৰ পিছতে এইবাৰ জাক জামকতাৰে পূজাৰ বাবে সাজু হৈছে ৰাজ্যৰ লগতে মহানগৰবাসী ।
লগতে পঢ়ক :মণ্ডপ নিৰ্মাণত ব্যস্ত বিহপুৰীয়াৰ পূজা সমিতিসমূহ