অসম

assam

ETV Bharat / state

G20 summit 2022 : গুৱাহাটী মহানগৰী হ'ব পাৰে জি-২০ সন্মিলনৰ এটা স্থান - G20 summit in India

২০২২ চনৰ ১ ডিচেম্বৰৰ পৰা ২০২৩ চনৰ ৩০ নৱেম্বৰলৈকে অনুষ্ঠিত হ’বলগীয়া জি-২০ শীৰ্ষ সন্মিলনৰ আহ্বায়ক হৈছে ভাৰত (G20 summit in India)। দিল্লীৰ উপৰি এই সন্মিলনখন দেশৰ প্ৰায় ৪৫ খন নগৰ মহানগৰতো সমান্তৰালকৈ অনুষ্ঠিত হ’ব । গুৱাহাটীক এই সন্মিলনৰ এক অন্যতম স্থান কৰাৰ বাবে কেন্দ্ৰীয় বিদেশ মন্ত্ৰী এছ জয়শংকৰক অনুৰোধ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ।

Guwahati City may be the venue of G20 summit
গুৱাহাটী মহানগৰী হ'ব পাৰে জি-২০ সন্মিলনৰ এটা স্থান

By

Published : Jul 29, 2022, 3:26 PM IST

গুৱাহাটী, ২৯ জুলাই : ৰাজধানী চহৰ গুৱাহাটী মহানগৰী এক ঐতিহাসিক বিশ্ব সন্মিলনৰ সাক্ষী হোৱাৰ সম্ভাৱনা আছে । চলিত বছৰৰ ১ ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব জি-২০ শীর্ষ সন্মিলন (G20 summit in India)। বিশ্বৰ শীর্ষ ২০ খন দেশৰ মাজত এবছৰব্যাপী অনুষ্ঠিত হ’বলগীয়া এই শীর্ষ সন্মিলনৰ এখন অন্যতম স্থান হ’ব পাৰে গুৱাহাটী ।

গুৱাহাটী মহানগৰী হ'ব পাৰে জি-২০ সন্মিলনৰ এটা স্থান

কিয়নো ২০২২ চনৰ ১ ডিচেম্বৰৰ পৰা ২০২৩ চনৰ ৩০ নৱেম্বৰলৈকে অনুষ্ঠিত হ’বলগীয়া জি-২০ শীৰ্ষ সন্মিলনৰ আহ্বায়ক হৈছে ভাৰত । মূলতঃ নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া এই সন্মিলনখন দেশৰ প্ৰায় ৪৫ খন নগৰ মহানগৰতো সমান্তৰালকৈ অনুষ্ঠিত হ’ব । গুৱাহাটীও যাতে এই সন্মিলনৰএক অন্যতম স্থান হ’ব পাৰে, তাৰ বাবে দিল্লী ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় বিদেশ মন্ত্ৰী এছ জয়শংকৰক অনুৰোধ জনাইছিল ।

মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি কেন্দ্ৰীয় মন্ত্ৰী জয়শংকৰকে সঁহাৰি জনালে হয়তো গুৱাহাটীও সন্মিলনৰ এটা স্থান হ’ব পাৰে ।

জি-২০ শীর্ষ সন্মিলনৰ ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ব পাৰিব অসমো

লগতে পঢ়ক :44th Chess Olympiad: ভাৰতীয় দলে দবা অলিম্পিয়াডৰ প্ৰথম ৰাউণ্ডৰ খেলখন ক’লা টুকুৰাৰে খেলিব

সকলো ঠিকে-ঠাকে থাকিলে জি-২০ শীর্ষ সন্মিলনৰ (G20 summit 2022) ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ব পাৰিব অসমো । উল্লেখ্য যে, ১৯৯৯ চনত জি-২০ৰ উদ্যোগ গ্ৰহণ কৰি ৰাষ্ট্ৰগোট গঠন হৈছিল । বিশ্বৰ ১৯ খন শীৰ্ষ ৰাষ্ট্ৰ আৰু ইউৰোপীয় ইউনিয়ন এই ৰাষ্ট্ৰগোটৰ সদস্য । সমগ্ৰ বিশ্বৰ জিডিপিৰ ৮০ শতাংশৰো বেছি তথা বিশ্ব বাণিজ্যৰ ৭৫ শতাংশ এই ৰাষ্ট্ৰগোটে নিয়ন্ত্ৰণ কৰে ।

চলিত বছৰৰ ১ ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব জি-২০ শীর্ষ সন্মিলন

আৰম্ভণিৰ পৰাই ভাৰত এই শক্তিশালী অৰ্থনৈতিক ৰাষ্ট্ৰগোটৰ সদস্য হৈ আছে । এইবাৰ ভাৰতে জি-২০ সন্মিলনৰ সভাপতিত্ব কৰিব । ১ ডিচেম্বৰৰ পৰ‍া অনুষ্ঠিত হ’বলগীয়া এই সন্মিলনৰ ২০২৩ চনত ৰাষ্ট্ৰনেতাসকলৰ শীৰ্ষ সন্মিলন অনুষ্ঠিত হ'ব । বিশ্বৰ শীৰ্ষ ৰাষ্ট্ৰসমূহৰ ৰাষ্ট্ৰপ্ৰধানসকলৰ সমাৱেশ ঘটিব এই সন্মিলনত ।

উল্লেখ্য যে, বিশ্বৰ প্ৰধান অৰ্থনৈতিক শক্তিসম্পন্ন দেশসমূহৰ মাজত পাৰস্পৰিক সহযোগিতা, আৰ্থিক স্থিতিশীলতা বজাই ৰখা আদি বিভিন্ন উদ্দেশ্য আগত ৰাখি জি-২০ গঠন কৰা হৈছিল । ২০১১ চনৰ পৰা নিয়মিতভাৱে জি-২০ৰ বাৰ্ষিক সন্মিলন অনুষ্ঠিত হৈ আহিছে । ভাৰতত অনুষ্ঠিত হ’বলগীয়া এই সন্মিলনৰ এটা স্থান গুৱাহাটী হ’লে নিশ্চয়কৈ ৰাজ্যখনৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিব ।

লগতে পঢ়ক :Japanese encephalitis in assam: ২০১৩ চনৰ পৰা ৰাজ্যত এনকেফেলাইটিছত সৰ্বাধিক ৮০০ তকৈ অধিক লোকৰ মৃত্যু

ABOUT THE AUTHOR

...view details