অসম

assam

ETV Bharat / state

চোৰাং সৰবৰাহৰ ঘাটিলৈ পৰিণত গুৱাহাটী মহানগৰী - ৰেলৰ মাধ্যমেৰে চোৰাং সৰবৰাহ

চোৰাং সামগ্ৰী সৰবৰাহৰ চূড়ান্ত ঘাটিলৈ পৰিণত গুৱাহাটী মহানগৰী ৷ চোৰাং সৰবৰাহকাৰীয়ে ৰে'লপথক ঢাল হিচাবে ব্যৱহাৰ কৰি দেশৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ কৰে চোৰাং সামগ্ৰী ৷

চোৰাং সৰবৰাহৰ ঘাটিলৈ পৰিণত গুৱাহাটী মহানগৰী

By

Published : Nov 21, 2019, 2:21 PM IST

গুৱাহাটী,21 নৱেম্বৰ: চোৰাং সৰবৰাহৰ অভিকেন্দ্ৰলৈ পৰিৱৰ্তিত হৈ পৰিছে গুৱাহাটী মহানগৰী ৷ চোৰাং সামগ্ৰীৰ অবৈধ সৰবৰাহৰ লগত জড়িত সৰবৰাহকাৰীয়ে দেশৰ বিভিন্ন প্ৰান্তলৈ সামগ্ৰী সৰবৰাহৰ বাবে পৰিবহনৰ মূল মাধ্যম হিচাবে ব্যৱহাৰ কৰি আহিছে ৰে'ল সেৱা ৷ গুৱাহাটীৰ মালিগাঁৱস্থিত উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ জনসম্পৰ্কৰক্ষী বিভাগে প্ৰকাশ কৰা এক তথ্য অনুসৰি, চলিত বৰ্ষত গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী ৰে'ল ষ্টেচনসমূহৰ পৰা চোৰাং সামগ্ৰী সৰবৰাহ আৰু নিচাযুক্ত সামগ্ৰী সৰবৰাহৰ ২১৯ টকাকৈ ঘটনা ধৰা পৰিছে । ৰে'ল আৰক্ষীৰ বিভিন্ন অভিযানত ৫.৮৫ কোটি টকাৰ চোৰাং সামগ্ৰী জব্দ কৰাৰ বিপৰীতে ৫৭ টা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে । জব্দকৃত সামগ্ৰীসমূহৰ ভিতৰত আছে গাঞ্জা, বিদেশী চিগাৰেট, ড্ৰাগছ, নিচাযুক্ত সামগ্ৰী, মৰ্ফিনৰ লগতে বিভিন্ন নিষিদ্ধ সামগ্ৰী । য'ত সৰ্বাধিক ঘটনায়ে হৈছে কামাখ্যা ৰে'ল জংচন আৰু গুৱাহাটী ৰে'লৱে ষ্টেচনত । ৰে'ল বিভাগৰ বহু সুৰুঙাৰ বাবেই সৰবৰাহকাৰীয়ে সামগ্ৰী সৰবৰাহ কৰাৰ মূল লক্ষ্য হিচাপে বাছি লৈছে ৰে'লক । এইসমূহ কেৱল ৰে'ল আৰক্ষীৰ অভিযানত ধৰা পৰা ঘটনাৰ তথ্যহে । ইয়াৰ বাহিৰেও দিনে-নিশাই চলি আছে এনে অপৰাধমূলক ঘটনা । ইফালে সোণ সৰবৰাহৰ ক্ষেত্ৰতো সৰবৰাহকাৰীয়ে ব্যৱহাৰ কৰে ৰে'ল । কেৱল চলিত মাহতেই গুৱাহাটী ৰে'ল ষ্টেচন আৰু কামাখ্যা ৰে'ল জংচন মুঠ ৭.১৬৫ কিঃ গ্ৰাম সোণ জব্দ হোৱাৰ বিপৰীতে নকল সোণ সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে মুঠ ৫ জনকৈ লোক ।

চোৰাং সৰবৰাহৰ ঘাটিলৈ পৰিণত গুৱাহাটী মহানগৰী

ABOUT THE AUTHOR

...view details