গুৱাহাটী,23 জানুৱাৰী :গুৱাহাটী লতাশিলত ভয়ংকৰ পথ দুৰ্ঘটনা । শনিবাৰে পুৱা ৭.৩০ মান বজাত লতাশিল খেলপথাৰৰ চাৰিআলিত তিনিখন বাহনৰ মাজত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাটো । চিটিবাছ, ডি.আই আৰু অলট‘ বাহনৰ মাজত সংঘটিত হয় দুৰ্ঘটনাটো । জালুকবাৰী দিশৰ পৰা উজান বজাৰ দিশে গৈ থকা AS 01MC 1338 চিটিবাছত উজানবজাৰ দিশৰ পৰা যোৱা গৰু কঢ়িয়াই নিয়া AS 25 DC 7402 ডি.আই গাড়ীখনে খুন্দা মাৰে । ডি.আই খুন্দাত নিয়ন্ত্ৰণ হেৰুৱাই চিটবাছ খনে পদপথৰ ৰেলিং ভাঙি এখন ব্যৱসায়ী প্ৰতিষ্ঠানত খুন্দা মাৰে । ইফালে চিটিবাছৰ একে দিশত থকা AS-01BS-3041 নম্বৰ অল'ট বাহনখনে প্ৰচণ্ড যোৰত চিটিবাছত খুন্দা মাৰে ।
ইপিনে লতাশিল আৰক্ষীৰ ভাষ্য অনুসৰি দুৰ্ঘটনা সময়ত অলট’ আৰু ডি. আই বাহন দুখনত তিনিজনকৈ আৰোহি আছিল । ডি.আই খনৰ দুজন আৰোহী সামান্য আঘাত প্ৰাপ্ত হয় যদিও সৌভাগ্যক্ৰমে ৰক্ষা পৰে দুৰ্ঘটনাত বেয়াকৈ ক্ষতিগ্ৰস্ত অলট’ বাহনৰ তিনি আৰোহী । ডি.আই বাহনৰ ভুলৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱা বুলি লতাশিল থানা যান-বাহন আৰক্ষীয়ে জানিব দিয়ে ৷