অসম

assam

ETV Bharat / state

চীনত অনুষ্ঠিত ডবা খেলত অসম সন্তানৰ জয়যাত্ৰা - চীনত অনুষ্ঠিত ডবা খেল

বিশেষ প্ৰশিক্ষক অবিহনেই অনলাইনযোগে অনুশীলন কৰি প্ৰতিযোগিতা খনত সপ্তম স্থান দখল কৰিলে মহানগৰীৰ আদাবাৰী তিনি আলীৰ খেলুৱৈ জনে

চীনত অনুষ্ঠিত ডবা খেলত অসম সন্তানৰ জয়যাত্ৰা

By

Published : Sep 4, 2019, 3:17 AM IST

Updated : Sep 4, 2019, 9:14 AM IST

গুৱাহাটী,4 ছেপ্তেম্বৰ: অসমৰ ক্ৰীড়া জগতলৈ পুনৰ এক সুখবৰ ৷ চীনত অনুষ্ঠিত world cadets chess championship ত উজ্বলিল গুৱাহাটীৰ কণমানি শিশু ৷ শিশুজনৰ নাম মায়াং চক্ৰৱৰ্তী ৷ বিশেষ প্ৰশিক্ষক অবিহনেই অনলাইনযোগে অনুশীলন কৰি প্ৰতিযোগিতা খনত সপ্তম স্থান দখল কৰিলে মহানগৰীৰ আদাবাৰী তিনি আলীৰ খেলুৱৈ জনে ৷ উল্লেখ্য যে ৫৫ খন দেশৰ মুঠ ১৩৭ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল এই আন্তঃৰাষ্ট্ৰীয় ডবা চেম্পিয়ন শ্বীপৰ ১০বছৰ অনুৰ্ধৰৰ শাখাত ৷ য'ত ভাৰতক প্ৰতিনিধিত্ব কৰি তালিকাৰ সপ্তম স্থান দখল কৰে মায়াং চক্ৰৱৰ্তীয়ে। ইতিমধ্যেই বহু ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ ডবা প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে শিশুটিয়ে ৷ এই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণ কৰিবলৈ পাই উৎফুল্লিত মায়াং চক্ৰৱৰ্তীৰ লগতে পৰিয়ালবৰ্গ ৷

Last Updated : Sep 4, 2019, 9:14 AM IST

ABOUT THE AUTHOR

...view details