অসম

assam

By

Published : Jun 11, 2019, 11:31 PM IST

ETV Bharat / state

নগ্ন নৃত্য কাণ্ডঃ সিজুবাৰীত প্ৰতিবাদ

এই ঘটনাক লৈ বহু ইছলাম ধৰ্মাৱল্মী লোকেও দোষীক উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনায় লগতে ঘটনাটোৰ সৈতে জড়িত অভিযুক্তসকলক বাবে কোনো অধিবক্তাই যাতে আদালতত যুক্তি প্ৰদৰ্শন নকৰে তাৰ বাবে আহ্বান জনায় ৷

আচলপাৰাত নৃত্য শিল্পী নিৰ্যাতনক লৈ সিজুৱাৰী ৰেদিয়েন্ট যুৱক সংঘৰ প্ৰতিবাদ

গুৱাহাটী, 11 জুনঃ ছয়গাঁৱৰ গৰৈমাৰীৰ আচলপাৰাত নৃত্য শিল্পী দলৰ ওপৰত অকথ্য নিৰ্যাতন চলাই উলংগ নৃত্য প্ৰদৰ্শন কৰিবলৈ হেঁচা প্ৰদান কৰা ঘটনাক ধিক্কাৰ দিয়ে সিজুৱাৰী ৰেদিয়েন্ট যুৱক সংঘ,হাতীগাঁও মহিলা সমিতি, গাঁওৰক্ষী বাহিনী আৰু স্থানীয় লোকে ৷ মঙলবাৰে সিজুৱাৰীত অনুষ্ঠিত এক সভাত উক্ত ঘটনাক গোষ্ঠীগত সংঘৰ্ষলৈ ৰূপান্তৰ নকৰিবলৈ অনুৰোধ জনায় হাতীগাঁও মহিলা সমিতিয়ে ৷ উল্লেখ্য যে এই ঘটনাক লৈ বহু ইছলাম ধৰ্মাৱল্মী লোকেও দোষীক উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনায় লগতে ঘটনাটোৰ সৈতে জড়িত অভিযুক্তসকলক বাবে কোনো অধিবক্তাই যাতে আদালতত যুক্তি প্ৰদৰ্শন নকৰে তাৰ বাবে আহ্বান জনায় ৷

আচলপাৰাত নৃত্য শিল্পী নিৰ্যাতনক লৈ সিজুৱাৰী ৰেদিয়েন্ট যুৱক সংঘৰ প্ৰতিবাদ

উল্লেখযোগ্য যে আচলপাৰাত ঈদ উপলক্ষে টিকট চ' অনুষ্ঠিত কৰা হৈছিল । নিশা নৃত্যানুষ্ঠান আৰম্ভ হোৱাৰ পিছতে এচাম দৰ্শকে নৃত্য শিল্পীৰ দলটোক নগ্ন নৃত্য কৰিবলৈ হেঁচা প্ৰদান কৰে। ইমানতে ক্ষান্ত নাথাকি যুৱতী নৃত্য শিল্পীৰ দলটোক কাপোৰ পৰ্যন্ত খুলি দিবলৈ উদ্যত হয় একাংশই ।

ABOUT THE AUTHOR

...view details