গুৱাহাটী, 16 মাৰ্চঃ কৰণা ভাইৰাছক লৈ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বিশেষ সতৰ্কতা ৷ স্বাস্থ্য বিভাগৰ যুটিয়া সঞ্চালকৰ উদ্যোগত কাৰাগাৰৰ কয়দী সকলৰ মাজত বিশেষ সজাগতা সৃষ্টি কৰাৰ প্ৰয়াস কৰা হৈছ ৷ পৰিস্কাৰ পৰিছন্নতাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে কাৰাগাৰ কতৃপক্ষই ৷
কৰ'নাৰ আতংকঃ অত্যাধিক কয়দীয়ে অস্বস্তিত পেলাইছে কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষক
1000 কয়দীৰ ক্ষমতা থকা কেন্দ্ৰীয় কাৰাগাৰত বৰ্তমান সময়ত ৰখা হৈছে 1300 কয়দী ৷ ETV BHARAT ৰ সৈতে হোৱা টেলিফ'নিক বাৰ্তালাপত অতিৰিক্ত কয়দী ৰখাৰ ফলত সন্মুখিত হোৱা অসুবিধাৰ কথা স্বীকাৰ কৰিলে কেন্দ্ৰীয় কৰাগাৰৰ অধীক্ষক গৰাকীয়ে ৷
অত্যাধিক কয়দীয়ে অস্বস্তিত পেলাইছে কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষক
অৱশ্যে অতিৰিক্ত কাৰাবন্দী থকাৰ ফলত কিছু অসুবিধাৰ সন্মুখিন হৈছে কাৰাগাৰ কতৃপক্ষ ৷ 1000 কয়দীৰ ক্ষমতা থকা কেন্দ্ৰীয় কাৰাগাৰত বৰ্তমান সময়ত ৰখা হৈছে 1300 কয়দী ৷ ETV BHARAT ৰ সৈতে হোৱা টেলিফ'নিক বাৰ্তালাপত অতিৰিক্ত কয়দী ৰখাৰ ফলত সন্মুখিত হোৱা অসুবিধাৰ কথা স্বীকাৰ কৰিলে কেন্দ্ৰীয় কৰাগাৰৰ অধীক্ষক গৰাকীয়ে ৷