অসম

assam

ETV Bharat / state

৫ মাৰ্চৰ পৰা পুনৰ আৰম্ভ হ'ব নাগৰিকত্ব আইন বিৰোধী আন্দোলন - ৫ মাৰ্চৰ পৰা ৰাজ্যত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ সিদ্ধান্ত সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ

বিজেপি চৰকাৰৰ প্ৰতিজন নেতা-মন্ত্ৰীক বদন আখ্যা সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ । নিৰ্বাচনৰ পূৰ্বে অসমৰ ৰাইজক ভোট ভিক্ষা কৰা বিজেপি চৰকাৰখনে শাসনলৈ আহি অসমৰ ৰাইজৰ আশাত চেঁচা পানী ঢালিলে । এই অভিযোগ উত্থাপন সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ । ৫ মাৰ্চত মঙলদৈ চহৰৰ পৰা পৰিষদে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন আৰম্ভ কৰিব বুলি এক সিদ্ধান্ত গ্ৰহণ কৰিছে ।

Guwahati caa protest again start from 5th march Assam etv bharat news
বিজেপিক সমালোচনা

By

Published : Feb 27, 2020, 11:09 PM IST

গুৱাহাটী,27 ফেব্ৰুৱাৰীঃ শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ প্ৰতিজন নেতা-মন্ত্ৰীক বদন আখ্যা সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ । নিৰ্বাচনৰ পূৰ্বে অসমৰ ৰাইজক ভোট ভিক্ষা কৰা বিজেপি চৰকাৰখনে শাসনলৈ আহি অসমৰ ৰাইজৰ আশাত চেঁচা পানী ঢালিলে । এই অভিযোগ উত্থাপন সংগঠনটোৰ ৷ বৃহস্পতিবাৰে অনুষ্ঠিত এক সংবাদমেলত বিজেপি চৰকাৰক সমালোচনাৰে তুলা-ধুনা কৰিলে অসম সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে । বিজেপি চৰকাৰৰ বাবে অসমৰ পৰৱৰ্তী প্ৰজন্ম ধ্বংস হ'ব বুলিয়ো গুৰুত্বৰ অভিযোগ উত্থাপন কৰে দলটোৱে । নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা সন্দৰ্ভত ৰাজ্যৰ বিজেপি চৰকাৰখনে গ্ৰহণ কৰা স্থিতিক তীব্ৰ সমালোচনা কৰি পৰিষদৰ সভাপতি দেৱজিত দত্তয়ে আগন্তুক সময়ত অসমৰ ৰাইজক একত্ৰিত কৰি বিতৰ্কিত আইনখনৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলন অব্যাহত ৰাখিব বুলি উল্লেখ কৰে । লগতে সভাপতি গৰাকীয়ে বিজেপিৰ উপৰিও কংগ্ৰেছ দলক আক্ৰমণ কৰি দলটো পুনৰ শাসনলৈ অহাৰ সুযোগ বিচাৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰিছে বুলি প্ৰকাশ কৰে । নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন ৰাজনৈতিক মুনাফা লাভৰ আন্দোলন নহয় বুলি মন্তব্য কৰে সভাপতি দেৱজিত দত্তয়ে ।

বিজেপিক সমালোচনা

সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে ৫ মাৰ্চৰ পৰা সমগ্ৰ ৰাজ্যতে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ৷ ৫ মাৰ্চত মঙলদৈ চহৰৰ পৰা পৰিষদে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন আৰম্ভ কৰিব বুলি এক সিদ্ধান্ত গ্ৰহণ কৰিছে ।

লগতে চাওকঃকলাইগাঁৱত ক'লা পতাকা প্ৰদৰ্শন সাংসদ কুইন ওজাক

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details