গুৱাহাটী, ৯ এপ্ৰিল: কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ এসময়ৰ বিপ্লৱী সহযোগী, গীতিকাৰ, নাট্যকাৰ, কৃতি শিক্ষক নগেন কাকতিৰ জন্মবার্ষিকী উপলক্ষে প্রকাশ কৰা 'প্ৰচাৰ বিমুখ সংগ্রামী নায়কজন' শীৰ্ষক প্ৰবন্ধ সংকলন শুক্ৰবাৰে উন্মোচন কৰা হয় ।
গুৱাহাটী প্রেছ ক্লাবত আয়োজিত গ্ৰন্থ উন্মোচনী সভাত গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট চিন্তাবিদ, সাহিত্যিক ড০ হীৰেণ গোহাঁয়ে । গ্ৰন্থখন উন্মোচন কৰি ড০ হীৰেণ গোহাঁয়ে ভাৰতীয় গণ নাট্য সংঘৰ অসম ৰাজ্যিকৰ আজীৱন সংগঠক, সভাপতি তথা সমাজকর্মী নগেন কাকতিৰ বৈপ্লৱিক ব্যক্তিত্বৰ বিষয়ে বক্তব্য দাঙি ধৰে ।
মুক্তিযোদ্ধা নগেন কাকতিৰ জীৱনীভিত্তিক গ্ৰন্থ উন্মোচন এই অনুষ্ঠানত বিশিষ্ট লেখক ড০ পৰমানন্দ মজুমদাৰ, ৰাণী গোহাঁইৰ উপৰিও কেইবাগৰাকী বাওঁপন্থী নেতা আৰু ভাৰতীয় গণ নাট্য সংঘৰ অসম ৰাজ্যিক শাখাৰ শিল্পী তথা সদস্য উপস্থিত থাকে ।
অনুষ্ঠানত নগেন কাকতিৰ সতীর্থ, ডিব্ৰুগড়ৰ শৰৎ নেওগে নগেন কাকতি সম্পর্কে স্মৃতিচাৰণ কৰি লিখি পঠোৱা এটি লেখা পাঠ কৰি শুনোৱা হয় । গ্রন্থখনি সম্পাদনা কৰিছে লেখক, সাংবাদিক নিমানন্দ দাসে । এই গ্রন্থখন প্রকাশ কৰিছে ডাঃ অঞ্জলী ডেকা, সুৰজিত ডেকা আৰু দেৱজিত ডেকাই ।
লগতে পঢ়ক:কি আছিল প্ৰয়াত হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ বিস্ফোৰক চিঠিখনত !