অসম

assam

মহানগৰীৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ 12 টা বছৰ সম্পূৰ্ণ

By

Published : Oct 30, 2020, 2:25 PM IST

অভিশপ্ত 30 অক্টোবৰ ৷ 2008 বৰ্ষৰ এই দিনটোতেই গুৱাহাটী মহানগৰীৰ পাঁচটাকৈ স্থানত ধাৰাবাহিক বোমা বিস্ফোৰণ সংঘটিত কৰিছিল নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠনে; য’ত প্ৰাণ হেৰুৱাইছিল 58 জনকৈ নিৰীহ লোকে ৷ প্ৰতিবছৰৰ দৰে এইবাৰো মহানগৰীৰ গণেশগুৰিত ধাৰাবাহিক বোমা বিস্ফোৰণত প্ৰাণ হেৰুওৱা নিৰীহ লোকসকলক সুঁৱৰি কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু ৰাজ্য চৰকাৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছে ৷

Guwahati bomb blast completed 12 years
মহানগৰীৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ 12 টা বছৰ সম্পূৰ্ণ

গুৱাহাটী,30 অক্টোবৰ : গুৱাহাটী মহানগৰীৰ ধাৰাবাহিক বোমা বিস্ফোৰণে 12 বছৰ অতিক্ৰম কৰিলে ৷ 30/11ৰ উগ্ৰপন্থীৰ নৃশংসতাৰ বলি হৈছিল 58 জনকৈ নিৰীহ লোক ৷ চিৰদিনলৈ ঘূণীয়া হৈছিল প্ৰায় শতাধিক লোক ৷ 30/11ৰ উগ্ৰপন্থী সংগঠনৰ ধাৰাবাহিক বোমা বিস্ফোৰণত প্ৰাণ হেৰুওৱা নিৰীহ লোকসকলক সুঁৱৰি অসম চৰকাৰে প্ৰতিবছৰে পালন কৰি আহিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷

শুকুৰবাৰেও গণেশগুৰিৰ উৰণীয়া সেঁতুৰ তলত উগ্ৰপন্থীৰ বোমা বিস্ফোৰণত নিহতসকলক সুঁৱৰি স্থাপন কৰা স্মাৰকত শ্ৰদ্ধাঞ্জলি জনালে ৰাজ্য চৰকাৰ তথা কামৰূপ মহানগৰ জিলা প্ৰশাসনে ৷ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ নগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিত পেগু, আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাৰ লগতে 30/11 কাণ্ডৰ নিৰীহসকলৰ আত্মীয়-স্বজন ৷

এই অনুষ্ঠানটোত অংশ লৈ মন্ত্ৰী ভট্টাচাৰ্যৰ মন্তব্য, ‘‘চৰকাৰে তেওঁলোকক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিছে ৷ নিহতসকলৰ আত্মীয়ক উচিত ক্ষতিপূৰণ দিয়া হৈছে’’ ৷

মহানগৰীৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ 12 টা বছৰ সম্পূৰ্ণ

ইয়াৰ সমান্তৰালকৈ শুকুৰবাৰৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত ভাগ লৈ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে উগ্ৰপন্থীৰ বৰ্বৰ আক্ৰমণত চিৰদিনলৈ ঘূণীয়া হোৱা লোকসকলে ৷ মন্ত্ৰী ভট্টাচাৰ্য বিৰুদ্ধে তেওঁলোকে ক্ষোভ উজাৰি কয় যে, ‘‘মন্ত্ৰীয়ে আমাক মাত এষাৰো নিদিলে ৷ ভাল-বেয়া খবৰ লোৱাতো দূৰৰে কথা ৷ চৰকাৰে আমাক সংস্থাপন দিয়াৰ আশ্বাস দিছিল ৷ কিন্তু সেয়া আশ্বাসেই হৈ ৰ’ল’’ ৷

উল্লেখ্য যে,2008 বৰ্ষৰ 30 অক্টোবৰত গুৱাহাটী মহানগৰৰ পাঁচটাকৈ স্থানত ধাৰাবাহিক বোমা বিস্ফোৰণ সংঘটিত কৰিছিল নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠনে, য’ত প্ৰাণ হেৰুৱাইছিল 58 জনকৈ নিৰীহ লোকে ৷ নিৰীহসকলৰ আত্মাৰ সদগতিৰ অৰ্থে প্ৰতিবছৰে কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু ৰাজ্য চৰকাৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰি আহিছে ৷

বিগত বৰ্ষবোৰৰ দৰে এইবাৰো এই বিশেষ দিনটোত ৰাজ্য চৰকাৰে গণেশগুৰিৰ স্মাৰকত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে যদিও অনুষ্ঠানলৈ নিমন্ত্ৰণ জনোৱা নিৰীহসকলৰ আত্মীয় তথা ভুক্তভোগীক চৰকাৰৰ প্ৰতিনিধিয়ে মাত এষাৰো দিয়াৰ সময় নোপোৱাৰ অভিযোগ তুলিলে ভুক্তভোগীয়ে ৷

লগতে পঢ়ক :সংবাদমেল পাতি শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ কংগ্ৰেছ কৰ্মীৰ

ABOUT THE AUTHOR

...view details