অসম

assam

ETV Bharat / state

কোৰোনা ভাইৰাছঃ বৰঝাৰ বিমান বন্দৰত স্বাস্থ্য কৰ্মীৰ দল নিযুক্ত কৰিলে চৰকাৰে - কৰোনা ভাইৰছৰ মুকাবিলা কৰিবৰ বাবে সাজু বৰঝাৰ বিমান বন্দৰ

চীনৰ পৰা অহা পৰ্যটকৰ যোগেদি বিয়পা কোৰোনা ভাইৰাছ সন্ত্ৰাস বিভিন্ন ঠাইত বিয়পাৰ আশংকা কৰা হৈছে ভাৰতত ৷ ইয়াকে লৈ সষ্টম হৈ আছে অসমৰ স্বাস্থ্য বিভাগ । শুকুৰবাৰে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত অসম স্বাস্থ্য বিভাগৰ তৰফৰ পৰা নিযুক্তি দিয়া হৈছে এটা ১৫ জনীয়া দলক ।

Guwahati Barjhar International airport ready to face korona virus
কোৰোনা ভাইৰাছঃ বৰঝাৰ বিমান বন্দৰত দল নিযুক্ত

By

Published : Jan 31, 2020, 8:53 PM IST

দক্ষিণ কামৰূপ,31 জানুৱাৰী : বৰ্তমান বিশ্বজুৰি আতংকৰ সৃষ্টি কৰিছে কোৰোনা ভাইৰাছে । বিশ্ব স্বাস্থ্য সংস্থাই ইতিমধ্যেই কোৰোনা ভাইৰাছে বিশ্বজুৰি আতংক সৃষ্টি কৰা বুলি ঘোষণা কৰাৰ লগতে ঘোষনা কৰিছে বিশ্বজুৰি জৰুৰীকালীন অৱস্থা । ক্ৰমাৎ ভাৰত তথা উত্তৰ-পূবতো ধৰা পৰিছে ভাইৰাছবিধৰ বীজাণু । মালয়েছিয়াত ত্ৰিপুৰাৰ মনিৰ হুছেইন নামৰ এজন যুৱকৰ মৃত্যু হোৱাৰ লগতে ভাৰতৰ প্ৰথমজন কোৰোনা ৰোগী চিনাক্ত হৈছে কেৰালাত ৷ উল্লেখ্য যে চীনৰ হুৱেই চহৰৰ পৰা উৎপত্তি হোৱা মাৰাত্মক ভাইৰাছৰ ফলত বৰ্তমানলৈকে ২১৩ জনৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক:1 ফেব্ৰুৱাৰীত ফাঁচী দিয়া নহয় নিৰ্ভয়াকাণ্ডৰ চাৰি অভিযুক্তক

বিশ্বৰ ১৮ খন দেশত কোৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ লগতে বৰ্তমানলৈকে আক্ৰান্ত হৈছে প্ৰায় ১০ হাজাৰ লোক ৷ চীনৰ পৰা অহা পৰ্যটকৰ যোগেদি বিয়পা কোৰোনাৰ সন্ত্ৰাস বিভিন্ন ঠাইত বিয়পাৰ আশংকা কৰা হৈছে ভাৰতত ৷ ইয়াকে লৈ সষ্টম হৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগো ৷

কোৰোনা ভাইৰাছঃ বৰঝাৰ বিমান বন্দৰত দল নিযুক্ত

বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত অসম স্বাস্থ্য বিভাগৰ তৰফৰ পৰা শুকুৰবাৰে প্ৰায় ১৫ জনীয়া দল এটি নিযুক্তি দিয়া হৈছে । বিভিন্ন দেশৰ পৰা অহা লোকক পৰীক্ষা নিৰীক্ষা কৰাৰ লগতে বিমানবন্দৰত দিয়া হৈছে মাস্ক । লগতে বিমানবন্দৰত সষ্টম কৰি থৈ দিয়া হৈছে এম্বুলেঞ্চো । যদি কোৰোনা ভাইৰাছৰ কিবা উপস্থিতি বা ভাইৰাছ বিধত আক্ৰান্ত হোৱা কোনো লোক চিনাক্ত হ'লে যাতে ততাতৈয়াকৈ চিকিৎসা প্ৰদান কৰিব পাৰি তাৰ বাবে লোৱা হৈছে এই ব্যৱস্থা । লগতে গুৱাহাটী মেডিকেল কলেজ চিকিৎসালয়টো সষ্টম কৰা হৈছে চিকিৎসকক ।

লগতে পঢ়ক:টীয়কত বাঘৰ আক্ৰমণত আহত এজন

ABOUT THE AUTHOR

...view details