পোন্ধৰ মিনিটৰ এজাক বৰষুণে চুই গ'ল মহানগৰীক
পোন্ধৰ মিনিটৰ এজাক বৰষুণে চুই গ'ল মহানগৰীৰ বিভিন্ন প্ৰান্ত ৷ চৰকাৰক গালি ক্ষোভিত মহানগৰবাসীৰ ৷
পোন্ধৰ মিনিটৰ এজাক বৰষুণে চুই গ'ল মহানগৰীক
গুৱাহাটী, 26 আগষ্টঃ সোমবাৰে বিয়লি অহা মাত্ৰ পোন্ধৰ মিনিটৰ এজাক বৰষুণৰ ফলত গুৱাহাটীৰ বিভিন্ন স্থানত সৃষ্টি হয় কৃত্ৰিম বানৰ । বানৰ ফলত মহানগৰীৰ অনিল নগৰ,নবীন নগৰ,জুৰোড,গীতানগৰ,ৰাজগড়,ভঙাগড় আদি অঞ্চল জলমগ্ন হয় ৷ তাৰোপৰি ৰাজপথ সমূহ বানে বুৰাই পেলোৱাৰ ফলত তীব্ৰ যান জঁটৰ সৃষ্টি হয় ।