অসম

assam

G20 summit: জি-২০ৰ বহনক্ষম বিত্তীয় কাৰ্যকৰী গোটৰ প্ৰথমখন বৈঠকৰ বাবে সাজু গুৱাহাটী

By

Published : Feb 1, 2023, 10:11 PM IST

Updated : Feb 1, 2023, 10:28 PM IST

গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া জি-20 বহনক্ষম বিত্তীয় কাৰ্যকৰী গোটৰ প্ৰথমখন বৈঠকত অংশ গ্ৰহণ কৰিব শতাধিক প্ৰতিনিধিয়ে (Sustainable Financial Working Group conference) ৷ দুদিনীয়া এই সন্মিলনত কেইবাটাও বিষয়ত চাৰিখন বৈঠক অনুষ্ঠিত হ'ব । সংবাদমেল বিত্ত মন্ত্ৰণালয়ৰ উপদেষ্টা চান্দনী ৰাইনা আৰু গীতু যোশীয়ে এই কথা প্ৰকাশ কৰে ।

Sustainable Financial Working Group conference
জি-২০ৰ বহনক্ষম বিত্তীয় কাৰ্যকৰী গোটৰ প্ৰথমখন বৈঠক

গুৱাহাটী, 1 ফেব্ৰুৱাৰী: জি-20 ৰ অধীনত বহনক্ষম বিত্তীয় কাৰ্যকৰী গোটৰ প্ৰথমখন বৈঠক 2 আৰু ৩ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ'ব । ইতিমধ্যে গুৱাহাটীত পদাৰ্পণ কৰিবলৈ আৰম্ভ কৰা বিভিন্ন দেশৰ প্ৰতিনিধিসকলক আদৰাৰ লগতে সন্মানীয় বৈঠকখন আয়োজন কৰিবলৈ সাজু হৈছে গুৱাহাটী মহানগৰ । উল্লেখ্য যে বহনক্ষম বিত্ত কাৰ্যকৰী গোটৰ বৈঠকত জি-20 ৰাষ্ট্ৰসমূহৰ উপৰিও অতিথি দেশ আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহৰ প্ৰতিনিধিসহ 100 তকৈও অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব (G20 Sustainable Finance Working Group)।

বুধবাৰে এখন সংবাদমেল যোগে এই কথা সদৰী কৰে বিত্ত মন্ত্ৰণালয়ৰ উপদেষ্টা চান্দনী ৰাইনা আৰু গীতু যোশীয়ে । সংবাদমেলত উপস্থিত থাকে পি আই বিৰ উত্তৰ-পূৱ মাণ্ডলিক সঞ্চালক প্ৰধান বি নাৰায়ণন । তেওঁলোকে সদৰী কৰা মতে, জি-20 বহনক্ষম বিত্তীয় কাৰ্যকৰী গোটৰ লক্ষ্য হৈছে বিশ্বব্যাপী বিকাশ আৰু স্থিৰতা নিশ্চিত কৰাত সহায় কৰাৰ উপৰি এক সেউজ, অধিক স্থিতিস্থাপক, সামগ্ৰিক সমাজ আৰু অৰ্থনীতিৰ দিশত পৰিৱৰ্তনৰ প্ৰচাৰ কৰা (G20 Summit in Guwahati)।

গুৱাহাটীত অনুষ্ঠিতব্য এই দুদিনীয়া বৈঠকত কেইবাটাও বিষয়ত চাৰিখন বৈঠক অনুষ্ঠিত হ'ব । জলবায়ু বিত্তৰ বাবে সময়মতে আৰু পৰ্যাপ্ত সম্পদ সংগ্ৰহৰ প্ৰণালী, বহনক্ষম উন্নয়নৰ লক্ষ্যৰ বাবে বিত্ত ব্যৱস্থা সাজু কৰা আৰু বহনক্ষম উন্নয়নৰ বাবে বিত্ত যোগানৰ বাবে পৰিৱেশ তন্ত্ৰৰ ক্ষমতা নিৰ্মাণ বিষয়ত বৈঠক অনুষ্ঠিত হ'ব । ভাৰতৰ জি-20 অধ্যক্ষতাৰ সাৰাংশ হৈছে ‘‘এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত’’ । এই বিষয়বস্তুটোৱে জনমুখী দৃষ্টিভংগীৰে এটা জীৱন-অনুকূল গ্ৰহৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে আন্তঃসংযোগ আৰু সেউজ পৰিৱৰ্তনৰ বাৰ্তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে (G20 summit held in Assam)।

বৈঠকৰ সময়ত কেইবাটাও ‘জন ভাগীদাৰী’ অনুষ্ঠানৰ আয়োজন কৰা হৈছে । যাৰ ভিতৰত আছে পৰিষ্কাৰ পৰিচ্ছন্নতা অভিযান, চিত্ৰাংকন আৰু শ্লোগান প্ৰতিযোগিতা, এছ ডি জিৰ বাবে বিত্তীয় যোগানৰ ওপৰত আলোচনাচক্ৰ, বৃক্ষৰোপণ অভিযান আৰু জলবায়ু কাৰ্যৰ বাবে উদ্ভাৱনীমূলক বিনিয়োগৰ ওপৰত জি-20 সন্মিলন । প্ৰতিনিধিসকলৰ বাবে সাজু কৰা হোটেলখন গুৱাহাটী বিষয়ক বিভিন্ন স্মাৰক আৰু চিত্ৰৰে সজোৱা হৈছে ।

উল্লেখ্য যে, জি-20ৰ বাবে গুৱাহাটীত আহি উপস্থিত হোৱা প্ৰতিনিধিসকলৰ বাবে ইউনেস্ক'ৰ বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত (Kaziranga National Park) বন্যপ্ৰাণী চাফাৰী উপভোগ কৰাৰ ব্যৱস্থা কৰা হৈছে । লগতে প্ৰতিনিধিসকলে ব্ৰহ্মপুত্ৰৰ নদী দ্বীপ আৰু পুৰণি ৰাজ্যপাল গৃহকে ধৰি গুৱাহাটীৰ বিখ্যাত স্থানসমূহ পৰিদৰ্শন কৰিব । সভাৰ দুদিনীয়া কাৰ্যসূচীৰ সময়ছোৱাত যোগাভ্যাস অনুষ্ঠানকে ধৰি অসমৰ সমৃদ্ধিশালী ঐতিহ্য আৰু পৰম্পৰা প্ৰদৰ্শন কৰা সাংস্কৃতিক অনুষ্ঠানসমূহলৈও প্ৰতিনিধিসকলক আমন্ত্ৰণ জনোৱা হৈছে ।

লগতে পঢ়ক:G20 Summit Explained: কি এই G20 সন্মিলন ?

Last Updated : Feb 1, 2023, 10:28 PM IST

ABOUT THE AUTHOR

...view details