গুৱাহাটী, ৭ ডিচেম্বৰ: সোমবাৰে মহানগৰীৰ কালীপুৰত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় । তীব্ৰবেগী চিটি বাছে মহতিয়াই নিয়ে এজন লোকক । ঘটনাস্থলীত ভৰলুমুখ যানবাহন আৰক্ষী উপস্থিত হৈ ততাতৈয়াকৈ দুৰ্ঘটনাত পতিত হোৱা লোকজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে লোকজনক মৃত বুলি ঘোষণা কৰে । বৰ্তমানেও মৃত লোকজনৰ পৰিচয় জানিব পৰা হোৱা নাই ।
মহানগৰীৰ কালীপুৰত তীব্ৰবেগী বাছৰ খুন্দাত পথচাৰী নিহত - চিটীবাছৰ দৌৰাত্ম্য
মহানগৰীৰ ৰাজপথত পুনৰ চিটীবাছৰ দৌৰাত্ম্য । কালীপুৰত দ্ৰুতবেগী চিটী বাছৰ খুন্দাত এজন লোক নিহত । দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে আৰক্ষীয়ে আটক কৰে চিটীবাছখনৰ চালক আৰু হেণ্ডিমেনক ।
মহানগৰীৰ কালীপুৰত তীব্ৰবেগী বাছৰ খুন্দাত পথচাৰী নিহত
লোকজনক চিনাক্তকৰণৰ বাবে ৭২ ঘন্টা মৰ্গতে ৰখাৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে । AS01 FC 5981 নম্বৰৰ বাছখনে এই দুৰ্ঘটনা সংঘটিত কৰে । আনহাতে দুৰ্ঘটনা সংঘটিত কৰা বাছখন জব্দ কৰিছে ভৰলুমুখ যানবাহন আৰক্ষীয়ে । লগতে চালক আৰু হেণ্ডিমেনকো আটক কৰে । উল্লেখ্য যে, শেহতীয়াকৈ মহানগৰীত যথেষ্ট হাৰত বৃদ্ধি পাইছে চিটী বাছৰ দৌৰাত্ম্য । চিটি বাছ চালকৰ ভুলৰ বাবেই আজি অকাল মৃত্যুক সাৱটি ল'লে লোকজনে ।