অসম

assam

ETV Bharat / state

শ্বহীদ ন্যাসত আছুৰ সংবাদমেল - AASU press meet on CAA news

আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে জনায় যে, নাগৰিকত্ব সংশোদনী আইনখনৰ বিৰোধীতা ৰাষ্ট্ৰসংঘয়ো কৰিছে ৷ অসমে কোনোধৰণৰ বিদেশীৰ বোজা গ্ৰহণ নকৰে বুলিও ব্যক্ত কৰে আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে ৷ আছুৰ উপদেষ্টা সমুজ্বল কুমাৰ ভট্টাচাৰ্যই জনায় যে, পূৰ্বতে ৰাজ্যৰ কামৰূপ, দৰং, নগাঁও, শিৱসাগৰ, গাৰো হিলছৰ লগতে কেইবাঠাইতো ইনাৰ লাইনৰ ব্যৱস্থা আছিল যদিও কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে 2019 চনৰ 11 ডিচেম্বৰত উক্ত ইনাৰ লাইন পাৰমিত ব্যৱস্থা কাঢ়ি লৈ গৈছে ৷

Guwahati AASU press meet
শ্বহীদ ন্যাসত আছুৰ সংবাদমেল

By

Published : Dec 29, 2019, 6:08 PM IST

গুৱাহাটী, 29 ডিচেম্বৰঃ শ্বহীদ ন্যাসত আছুৰ সংবাদমেল ৷ সংবাদমেলখন সম্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ নাথে ৷ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধীতাৰে পৰৱৰ্তী কাৰ্যসূচী ঘোষণা কৰে আছুৰ সভাপতিগৰাকীয়ে ৷ 31 ডিচেম্বৰ আৰু 1 জানুৱাৰীত সকলো লোককে ঘৰে ঘৰে নাগৰিকত্ব সংশোধনী আইন বিৰোধী সংকল্প ল’বলৈ আহ্বান জনায় ছাত্ৰ সন্থাৰ সভাপতিগৰাকীয়ে ৷

শ্বহীদ ন্যাসত আছুৰ সংবাদমেল

আনহাতে, 3 জানুৱাৰীত আইনখন বাতিলৰ দাবীত জিলা তথা মহকুমা সদৰত জোৰ সমদল কাৰ্যসূচীৰ আহ্বান জনাইছে আছুৱে ৷ সমান্তৰালকৈ 9 জানুৱাৰীত ৰণশিঙা আৰু বাদ্যযন্ত্ৰ বজাই অঞ্চলে অঞ্চলে প্ৰতিবাদ সাব্যস্ত কৰাৰ কথাও ঘোষণা কৰে উক্ত সংবাদমেলত ৷ তাৰোপৰি 11 জানুৱাৰীত জোঁৰ সমদল লৈ প্ৰতিবাদৰ লগতে 13 আৰু 14 জানুৱাৰীত উৰুকাৰ মেজিত জাতিধ্বংসী আইনখনৰ প্ৰতিলিপি দাহ কৰি অসমৰ জনতাক প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে আহ্বান জনায় ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ নাথে ৷

শ্বহীদ ন্যাসত আছুৰ সংবাদমেল

আনহাতে, আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে জনায় যে, নাগৰিকত্ব সংশোদনী আইনখনৰ বিৰোধীতা ৰাষ্ট্ৰসংঘয়ো কৰিছে ৷ অসমে কোনোধৰণৰ বিদেশীৰ বোজা গ্ৰহণ নকৰে বুলিও ব্যক্ত কৰে আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে ৷ আছুৰ উপদেষ্টা সমুজ্বল কুমাৰ ভট্টাচাৰ্যই জনায় যে, পূৰ্বতে ৰাজ্যৰ কামৰূপ, দৰং, নগাঁও, শিৱসাগৰ, গাৰো হিলছৰ লগতে কেইবাঠাইতো ইনাৰ লাইনৰ ব্যৱস্থা আছিল যদিও কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে 2019 চনৰ 11 ডিচেম্বৰত উক্ত ইনাৰ লাইন পাৰমিত ব্যৱস্থা কাঢ়ি লৈ গৈছে ৷ সমান্তৰালকৈ খেলো ইণ্ডিয়াত প্ৰধানমন্ত্ৰী অংশগ্ৰহণ কৰিলে তীব্ৰ সমালোচনাৰ সন্মুখীন হ’ব বুলিও হুংকাৰ প্ৰদান কৰে আছুৰ উপদেষ্টাগৰাকীয়ে ৷

লগতে পঢ়ক- নলবাৰীত খিলঞ্জীয়াৰ গণ হু‌ংকাৰ

ABOUT THE AUTHOR

...view details