অসম

assam

ETV Bharat / state

মহানগৰীৰ ৰাজপথত এটি শিশু ! - কণমানি নিতিশা

পেহীয়েকৰ ঘৰত অকথ্য নিৰ্যাতনৰ বলি হৈ মহানগৰীলৈ পলায়ন এগৰাকী কনমানিৰ

মহানগৰীৰ ৰাজপথত এটি শিশু !

By

Published : Sep 26, 2019, 4:45 AM IST

গুৱাহাটী, 25 ছেপ্টেম্বৰ : গুৱাহাটী মহানগৰীৰ বৰাগাঁৱৰ ৰাজপথত অনাই-বনাই ঘূৰি ফুৰা অৱস্থাত এটি শিশু । শিশুটোক অকলশৰে ঘূৰি থকা অৱস্থাত প্ৰত্যেক্ষ কৰে স্থানীয় ৰাইজে । শিশুটোক স্থানীয় ৰাইজে উদ্ধাৰ কৰি পিছত জালুকবাৰী আৰক্ষীক গতাই দিয়ে ৷ প্ৰাপ্ত তথ্য অনুসৰি শুটিৰ নাম নিতিশা দাস ৷ পিতৃ-মাতৃৰ বিয়োগৰ পিছত বাইহাটা চাৰিআলিৰ পেহীয়েকৰ ঘৰত আছিল নিতিশা দাস নামৰ শিশুটি ৷ কিন্তু নিতিশাই আৰক্ষীক জনোৱা মতে পেহীয়েকৰ ঘৰত মাৰধৰ কৰে নিতিশাক । যাৰ বাবে কিছুদিন পূৰ্বে পেহীয়েকৰ ঘৰৰ পৰা পলাই আহিছিল কণমানি নিতিশা ৷ ইফালে মাতৃৰ ঘৰ বৰপেটাত বুলি জনাইছে শিশুটিয়ে । বৰ্তমান জালুকবাৰী আৰক্ষীয়ে কণমানি নিতিশাক সোধ-পোছ কৰি পৰিয়ালৰ লগত যোগাযোগ কৰাৰ ব্যৱস্থা কৰিছে ।

মহানগৰীৰ ৰাজপথত এটি শিশু !

ABOUT THE AUTHOR

...view details