গুৱাহাটী, 18 জানুৱাৰী :ভোগালী বিহুৰ পিছতে ৰাজ্য তথা গুৱাহাটীত ক’ভিড-19 ভয়াৱহ ৰূপত বৃদ্ধি (Increase Covid 19 cases in Guwahati) পোৱাৰ সময়তে মঙলবাৰে গুৱাহাটীৰ গীতানগৰত থকা গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলখন জিলা প্ৰশাসনে কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা (Gurukul Grammar School declared as Containment Zone) কৰিছে ।
কামৰূপ মহানগৰ জিলা উপায়ুক্তই এই কথা জনায় কয় যে, স্বাস্থ্য বিভাগৰ তৰফৰ পৰা গীতানগৰত থকা গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত মঙলবাৰে ক’ভিড 19 ৰ পৰীক্ষা সম্পন্ন কৰা হৈছিল । ক’ভিড পৰীক্ষাৰ পিছত গীতানগৰত থকা গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলখনৰ কেবাগৰাকীও শিক্ষক ক’ভিডত আক্ৰান্ত হোৱাৰ তথ্য লাভ কৰে ৷ ইয়াৰ পিছতে কামৰূপ(ম) জিলা প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।
গীতানগৰত থকা গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলখনৰ ১৪৪ গৰাকীৰ ক’ভিড পৰীক্ষা কৰাৰ পিছত ৩০ গৰাকী ক’ভিড আক্ৰান্ত হোৱাৰ তথ্য লাভ কৰে । গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ বৰ্তমান সকলো অফলাইন পাঠদান বন্ধ ৰখা হৈছে ।