গুৱাহাটী, ১০ ডিচেম্বৰ:ৰাজ্যত পুনৰ অনুষ্ঠিত হ’ব গুণোৎসৱ (Axom Gunotsav 2023)। পুনৰ শিক্ষানুষ্ঠানসমূহত গুণোৎসৱ অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে শিক্ষা বিভাগ । তিনিটা পৰ্যায়ত ৰাজ্যজুৰি অনুষ্ঠিত হ’ব এই গুণোৎসৱ । ১৮ জানুৱাৰীৰ পৰা ২১ জানুৱাৰীলৈ প্ৰথম পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হোৱাৰ পিছত ১ ফেব্ৰুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ আৰু ১৫ ফেব্ৰুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ তৃতীয় পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ’ব ।
১৮ জানুৱাৰীৰ পৰা ২১ জানুৱাৰীলৈ প্ৰথম পৰ্যায়ৰ গুণোৎসৱ বৰপেটা, কৰিমগঞ্জ, গোলাঘাট, হোজাই, কামৰূপ, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, মৰিগাঁও, শিৱসাগৰ, দক্ষিণ শালমাৰা-মানকাচাৰ, তিনিচুকীয়া আৰু ওদালগুৰিত অনুষ্ঠিত হ’ব । আনহাতে ১ ফেব্ৰুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ বাক্সা, চিৰাং, চৰাইদেউ, ধুবুৰী, ডিমা হাচাও, হাইলাকান্দি, যোৰহাট, কামৰূপ মহানগৰ, শোণিতপুৰ আৰু পশ্চিম কাৰ্বি আংলঙত অনুষ্ঠিত হ’ব । সেইদৰে ১৫ ফেব্ৰুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ তৃতীয় পৰ্যায়ৰ গুণোৎসৱ বিশ্বনাথ, বঙাইগাঁও, দৰং, ধেমাজী, ডিব্ৰুগড়, গোৱালপাৰা, কাৰ্বি আংলং, কাছাৰ, নগাঁও আৰু নলবাৰীত অনুষ্ঠিত হ’ব ।
উল্লেখ্য যে, শিক্ষাৰ অধিকাৰ আইন ২০০৯ দ্বাৰা ভাৰতবৰ্ষৰ ৬ ৰ পৰা ১৪ বছৰৰ আয়ুৰ সকলো শিশুৰ বাবেই প্ৰাথমিক শিক্ষা লাভ কৰাটো বাধ্যতামূলক আৰু বিনামূলীয়াকৈ শিশুসকলে শিক্ষা লাভ কৰাটো সাংবিধানিক অধিকাৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছে । এই আইনৰ ২৯ নং ধাৰা অনুসৰি প্ৰতিটো শিশুৱেই মান সম্পন্ন, সাৰ্বিক আৰু শিশুৰ বাবে অনুকুল পৰিৱেশত শিক্ষা লাভ কৰাটো প্ৰতিটো শিশুৰেই অধিকাৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছে (Axom Sarba Siksha Abhijan Mission) ।