গুৱাহাটী, ১২ ডিচেম্বৰ :গুণোৎসৱৰ বাবে পুনৰ সাজু হৈছে ৰাজ্যৰ শিক্ষা বিভাগ । তিনি জানুৱাৰীৰ পৰা ৰাজ্যৰ ৩৫ খন জিলাক সামৰি মুঠ ৪৩৪৯৮ খন বিদ্যালয়ত তিনিটা পৰ্যায়ত গুণোৎসৱ অনুষ্ঠিত হ’ব । এই গুণোৎসৱে চৰকাৰী, প্ৰাদেশীকৃত, আদৰ্শ আৰু বাগিচাৰ আদৰ্শ বিদ্যালয়সমূহৰ লগতে চাহ বাগিচা কৰ্তৃপক্ষৰ দ্বাৰা পৰিচালিত বিদ্যালয়ক সামৰি ল’ব ।
প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ মুঠ ৩৯,৬৩,৫৪২ গৰাকী শিক্ষাৰ্থীয়ে গুণোৎসৱত অংশ গ্ৰহণ কৰিব । প্ৰথম পর্যায়ত তিনি জানুৱাৰীত বহিঃমূল্যায়নৰ পৰা আৰম্ভ কৰি ৬ জানুৱাৰীলৈ ১২ খন জিলা ক্ৰমে বৰপেটা, বজালী, হোজাই, কৰিমগঞ্জ, কামৰূপ, কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, নগাঁও, শিৱসাগৰ, দক্ষিণ শালমাৰা-মানকাচৰ আৰু ওদালগুৰি জিলাত গুণোৎসৱ অনুষ্ঠিত হ’ব ।
আনহাতে, ৯ জানুৱাৰীৰ বহিঃমূল্যায়নৰ পৰা ১২ জানুৱাৰীলৈ দ্বিতীয় পর্যায়ত ১৩ খন জিলা ক্ৰমে বাক্সা, বিশ্বনাথ, চিৰাং, চৰাইদেউ, ধেমাজি, ধুবুৰী, গোলাঘাট, হাইলাকান্দি, যোৰহাট, কামৰূপ মহানগৰ, শোণিতপুৰ, তিনিচুকীয়া আৰু তামুলপুৰত অনুষ্ঠিত হ'ব গুণোৎসৱ ।
সেইদৰে তৃতীয় পৰ্যায়ত ৫ ফেব্ৰুৱাৰীত বহিঃমূল্যায়নেৰে আৰম্ভ হৈ ৮ ফেব্ৰুৱাৰীত গুণোৎসৱ অন্ত পৰিব । তৃতীয় পর্যায়ত ১০ খন জিলা ক্ৰমে বঙাইগাঁও, দৰং, ডিব্ৰুগড়, গোৱালপাৰা, কাছাৰ, নলবাৰী, মৰিগাঁও, ডিমা হাছাও, মাজুলী আৰু পশ্চিম কাৰ্বি আংলং জিলাত গুণোৎসৱ অনুষ্ঠিত হ’ব ।
উল্লেখ্য যে, শিক্ষানুষ্ঠানৰ শিক্ষাৰ মান উন্নত কৰিবলৈ ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰি অহা গুণোৎসৱত বহিঃনিৰীক্ষণকাৰী হিচাপে মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসভাৰ সদস্যসকল, মুখ্য সচিবৰ পৰা আৰম্ভ কৰি সকলো আই পি এছ, আই এ এছ, এ চি এছ আৰু প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ আন আন বিষয়াসকলে অংশগ্ৰহণ কৰি শিক্ষানুষ্ঠানৰ মান মূল্যায়ন কৰে ।