অসম

assam

ETV Bharat / state

গুণোৎসৱ এইবেলি ৩ জানুৱাৰীৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ তিনিটা পৰ্যায়ত - assam gunatsav

Gunotsav 2024: অসমত 'গুণোৎসৱ' এইবেলি ৩ জানুৱাৰীৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব । চৰকাৰী/প্ৰাদেশীকৃত বিদ্যালয়, আদর্শ বিদ্যালয়, চাহ বাগিচাৰ আদর্শ বিদ্যালয়, কস্তুৰবা গান্ধী বালিকা বিদ্যালয়, নেতাজী সুভাষ চন্দ্ৰ বসু আৱাসিক বিদ্যালয় আৰু চাহ বাগিচা কৰ্তৃপক্ষৰ দ্বাৰা পৰিচালিত বিদ্যালয়ত এই গুণোৎসৱ অনুষ্ঠিত হ’ব ।

gunotsav 2024 starts from 3rd january in assam
তিনিটা পৰ্যায়ত গুণোৎসৱ

By ETV Bharat Assamese Team

Published : Jan 2, 2024, 7:43 PM IST

গুৱাহাটী, ২ জানুৱাৰী : প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ অনুষ্ঠিত হ’বলগীয়া গুণোৎসৱত এইবাৰ অংশগ্ৰহণ কৰিবলগীয়া মুঠ বিদ্যালয়ৰ সংখ্যা ৪৩,৪৯৮ ‌খন আৰু মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৩৯,৬৩,৫৪২ জন । গুণোৎসৱৰ প্ৰথম পর্যায় ৩ জানুৱাৰীৰ পৰা ৬ জানুৱাৰীলৈ অনুষ্ঠিত হ’ব । প্ৰথম পর্যায়ত বৰপেটা, বজালী, হোজাই, কৰিমগঞ্জ, কামৰূপ, কাৰ্বি আংলং, কোকৰাঝাৰ, লক্ষীমপুৰ, নগাঁও, শিৱসাগৰ, দক্ষিণ শালমাৰা মানকাচৰ আৰু ওদালগুৰিক ধৰি ১২ খন জিলাত অনুষ্ঠিত হ’ব । আকৌ গুণোৎসৱ দ্বিতীয় পর্যায়ত ৯ জানুৱাৰীৰ পৰা ১২ জানুৱাৰীলৈ ১৩ খন জিলা ক্ৰমে বাক্সা, বিশ্বনাথ, চিৰাং, চৰাইদেউ, ধেমাজি, ধুবুৰী, গোলাঘাট, হাইলাকান্দি, যোৰহাট, কামৰূপ (মহানগৰ), শোণিতপুৰ, তিনিচুকীয়া আৰু তামুলপুৰত অনুষ্ঠিত হ’ব ।‌

তিনিটা পৰ্যায়ত গুণোৎসৱ

আনহাতে তৃতীয় পর্যায়ত ৫ ফেব্ৰুৱাৰীৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ ১০ খন জিলা ক্ৰমে বঙাইগাঁও, দৰং, ডিব্ৰুগড়, গোৱালপাৰা, কাছাৰ, নলবাৰী, মৰিগাঁও, ডিমা হাচাও, মাজুলী আৰু কাৰ্বি আংলঙত অনুষ্ঠিত হ’ব গুণোৎসৱ । এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক্সত কয়, ‘ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ গুণগত মান উন্নীতকৰণৰ লক্ষ্যৰে আৰম্ভ হৈছিল ‘গুণোৎসৱ’ । পূৰ্বৰ বৰ্ষবোৰত গুণোৎসৱৰ ফলাফলে প্ৰমাণ কৰিছে যে শিক্ষাৰ গুণগত মান উত্তৰণত শিক্ষা বিভাগৰ প্ৰয়াস ক্ৰমাগতভাৱে সফলতাৰ দিশে অগ্ৰসৰ হৈছে । অহা ৩ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া ‘গুণোৎসৱ ২০২৪’ সফলতাৰে সম্পন্ন কৰাৰ বাবে মই অসমৰ প্ৰতিখন বিদ্যালয়, শিক্ষক-শিক্ষয়িত্ৰীসকল, ছাত্ৰ-ছাত্ৰীসকল আৰু শিক্ষা বিভাগৰ লগতে এই মূল্যাংকন প্ৰক্ৰিয়াৰ সৈতে জড়িত সকলোকে আন্তৰিকতাৰে আহ্বান জনাইছোঁ ।’

তিনিটা পৰ্যায়ত গুণোৎসৱ

আনহাতে শিক্ষামন্ত্ৰী ৰণোজ পেগুয়ে এক্সত কয়, ‘শিক্ষাখণ্ডৰ গুণগত মান উন্নীতকৰণৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰম্ভ কৰা গুণোৎসৱ এইবেলি ৩ জানুৱাৰীৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব । মুখ্যমন্ত্ৰীয়ে গুণোৎসৱৰ সফলতা কামনাৰে শিক্ষা বিভাগৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু এই মূল্যাংকন প্ৰক্ৰিয়াৰ সৈতে জড়িত সকলোকে শুভকামনা জ্ঞাপন কৰিছে ।’

লগতে পঢ়ক :ৰাজ্যৰ ৩৯.৬৩ লাখ শিক্ষার্থীক সামৰি ৩ জানুৱাৰীৰ পৰা গুণোৎসৱ

ABOUT THE AUTHOR

...view details