অসম

assam

ETV Bharat / state

Gunotsav2022 Award: এ+গ্ৰেড পোৱা বিদ্যালয়ৰ শিক্ষকৰ চাকৰি হ'ব নিয়মীয়া - Himanta Biswa Sarma at Gunotsav 2022 Award

ৰাজ্য়ৰ এ +গ্ৰেড প্ৰাপ্ত ৪,৮৪১ খন বিদ্যালয়ক "গুণোৎসৱ-২০২২ বঁটা" প্ৰদান মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (Gunotsav 2022 Award)। শিৱসাগৰ জিলাৰ ৫৯৫খন বিদ্যালয়ে এ + লাভ কৰি দখল কৰিলে শীৰ্ষস্থান ।

Himanta Biswa Sarma at Gunotsav 2022 Award
"গুনসৎসৱ-২০২২ বঁটা "প্ৰদান

By

Published : Dec 25, 2022, 6:23 PM IST

গুণোৎসৱ-২০২২ বঁটা প্ৰদান

গুৱাহাটী, ২৫ ডিচেম্বৰ:গুণোৎসৱত এ+গ্ৰেডপ্ৰাপ্ত বিদ্যালয়ক দেওবাৰে "গুণোৎসৱ-২০২২ বঁটা" প্ৰদান কৰা হয় (Gunotsav 2022 Award in Guwahati)। এই উপলক্ষে আজি খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাত অনুস্থিত হয় এ+ গ্ৰেডপ্ৰাপ্ত বিদ্য়ালয়লৈ অভিনন্দন অনুষ্ঠান (Khanapara Veterinary College Play ground)। উক্ত সভাত ৰাজ্যখনৰ ৪,৮৪১ খন বিদ্যালয়লৈ বঁটাৰ লগতে এই অনুদান আগবঢ়োৱা হয় । উক্ত অনুষ্ঠানত প্ৰতিখন বিদ্যালয়কে বঁটাৰ লগতে ২৫ হাজাৰ টকাৰ চেক বিতৰণ কৰা হয় । অনুষ্ঠানটোত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ লগতে কেইবাগৰাকী মন্ত্ৰী-বিধায়ক উপস্থিত থাকে (Himanta Biswa Sarma at Gunotsav 2022 Award)।

উক্ত সভাত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে একেৰাহে দুবাৰ এ+ গ্ৰেড পোৱা বিদ্যালয়সমূহক অহা বছৰ ৫০ হাজাৰ টকাকৈ অনুদান হিচাপে আগবঢ়োৱা হ'ব (Education Minister Dr Ranoj Pegu) । লগতে সেই বিদ্যালয়ত যিসকল ঠিকাভিত্তিক শিক্ষকে কাম কৰি আছে তেওঁলোকৰো চাকৰি নিয়মীয়া কৰা হ'ব বুলি তেওঁ কয় ।

উক্ত সভাতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই 'শিক্ষাৰ সেতু' নামৰ এটা প্ৰকল্প মুকলি কৰে । এই প্ৰকল্পৰ জৰিয়তে ৰাজ্যৰ দূৰনিবটীয়া ছাত্ৰ-ছাত্ৰীসকলে ই শিক্ষাৰ দ্বাৰা শিক্ষা লাভ কৰিব । ৰাজ্যৰ ১,৮৫৯ খন বিদ্যালয়ত এই প্ৰকল্প সম্পূৰ্ণ হৈছে ৷ উক্ত প্ৰকল্পটোৰ কাহিলীপাৰাত এটা কেন্দ্ৰীভূত মূল ষ্টুডিঅ' স্থাপন কৰা হৈছে । ধেমাজি আৰু কাৰ্বি আংলঙৰ ডিফুত দুটা কন্টেন্ট ষ্টুডিঅ' স্থাপন কৰা হৈছে ৷

উল্লেখ্য় যে গুণোৎসৱত ৰাজ্যৰ বিদ্যালয়ৰ শিক্ষা আৰু গুণগত মান সম্পৰ্কে পৰীক্ষা কৰা হয় । সেই অনুসৰি বিদ্যালয়সমূহক গ্ৰেড দিয়া হয় যাতে ৰাজ্যৰ শিক্ষা ব্যৱস্থাত দৃশ্যমান আৰু জুখিব পৰা ইতিবাচক পৰিৱৰ্তন সাধন কৰিবলৈ নিৰ্দিষ্ট কৌশল প্ৰণয়ন কৰাটো সম্ভৱ হয় ।

২০২২ বৰ্ষৰ মে' আৰু জুনত গুণোৎসৱ অনুষ্ঠিত কৰা হৈছিল । তিনিটা পৰ্যায়ত ৪৫,৭৩৫খন বিদ্যালয়ৰ মুঠ ৩৮,৯৮,৩০৮ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মূল্যায়ন কৰা হয় । ৪,৮৪১ খন বিদ্যালয়ে এ+ গ্ৰেড , ১৭,০৪১ খন বিদ্যালয়ে ' এ ' গ্ৰেড , ১৩,২০৭ খন বিদ্যালয়ে ' বি ' গ্ৰেড , ৪,৬৬০ খন বিদ্যালয়ে ' চি ' গ্ৰেড আৰু ২,১২৯ খন বিদ্যালয়ে ' ডি ' গ্ৰেড লাভ কৰে ৷ ৰাজ্যখনৰ শীৰ্ষ প্ৰদৰ্শনকাৰী জিলাসমূহৰ ভিতৰত শিৱসাগৰ জিলাই ৫৯৫খন এ + বিদ্যালয়ৰে প্ৰথম স্থান, মাজুলী জিলাই ১২৩ খন এ+ বিদ্যালয়ৰে দ্বিতীয় আৰু নলবাৰীয়ে ২৫৪খন এ + বিদ্যালয়েৰে তৃতীয় স্থান লাভ কৰে ।

লগতে পঢ়ক:Stone pelting at Indian workers: ভাৰতীয় শ্ৰমিকৰ ওপৰত শিলগুটি নিক্ষেপ নেপালী লোকৰ

ABOUT THE AUTHOR

...view details