গুৱাহাটী ৪ এপ্ৰিল :মহানগৰীত বৃদ্ধি পাইছে অস্ত্ৰধাৰী দুৰ্বৃত্তৰ সন্ত্ৰাস । সোমবাৰে এগৰাকী সাংবাদিকে গাঞ্জা ব্যৱসায়ীৰ বিৰুদ্ধে বাতৰি সংগ্ৰহ কৰিবলৈ গৈ নিজৰ পিষ্টলৰে শূন্যলৈ গুলীচালনা (Journalist opens fire at Birubari) কৰা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতে মঙলবাৰে পুনৰ মহানগৰীৰ বশিষ্ঠত এজন অস্ত্ৰধাৰী দুৰ্বৃত্তই চলায় সন্ত্ৰাস ।
জানিব পৰা মতে, মঙলবাৰে বশিষ্ঠৰ নতুন বজাৰত সংঘটিত হয় এই ঘটনাটো । এগৰাকী মহিলাক পিষ্টল দেখুৱাই প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে অস্ত্ৰ ধাৰি দুৰ্বৃত্তটোৱে (Armed robbers at Basistha)। দুৰ্বৃত্তটোৰ নাম অভয় তিৱাৰী ৷
ঘটনাৰ বিৱৰণি অনুসৰি, সোমবাৰে নতুন বজাৰৰ অশোক কানু নামৰ লোকজনৰ বন্ধু উত্তমৰ ডিঙিৰ সোণৰ চেইন কাঢ়ি লৈ যায় অভিযুক্ত অভয় তিৱাৰীয়ে ৷ তাৰ পাচত অভিযুক্ত অভয়ে তিৱাৰীয়ে উত্তমক প্ৰহাৰ কৰে ৷ অভয়ৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হয় উত্তম নামৰ ব্যক্তিজন ৷ এই ঘটনা সন্দৰ্ভত সোমবাৰে আৰক্ষী থানাত এক গোচৰ দাখিল কৰে অশোক কানু আৰু উত্তমে ৷