অসম

assam

ETV Bharat / state

গুনীন চৌধুৰীৰ ‘মাটিৰ সুৰ- গণশিল্প আৰু প্ৰগতিবাদৰ কথা’ উন্মোচন - Assamese Book

Gunin Chaudhury Novel : গুনীন চৌধুৰীৰ পঞ্চমখন গ্ৰন্থ ‘মাটিৰ সুৰ- গণশিল্প আৰু প্ৰগতিবাদৰ কথা' প্ৰৱন্ধ সংকলনখনি উন্মোচন কৰা হয় । জাগৰণ প্ৰকাশনে প্ৰকাশ কৰা গ্ৰন্থখন উন্মোচন কৰে কেবাখনো মূল্যৱান গ্ৰন্থৰ সম্পাদক, সাহিত্যিক, ড৹ পৰমানন্দ মজুমদাৰে ।

Gunin Chaudhury book
গুনীন চৌধুৰী

By ETV Bharat Assamese Team

Published : Dec 31, 2023, 9:37 PM IST

গুৱাহাটী, ৩১ ডিচেম্বৰ: নতুন সাহিত্য পৰিষদৰ উদ্যোগত আৰু জোনাকী নগৰ উন্নয়ন কমিটীৰ সহযোগত শনিবাৰে গুনীন চৌধুৰীৰ পঞ্চমখন গ্ৰন্থ ‘মাটিৰ সুৰ- গণশিল্প আৰু প্ৰগতিবাদৰ কথা' প্ৰৱন্ধ সংকলনখনি উন্মোচন কৰা হয় । জগত বৰাই আঁতধৰা অনুষ্ঠানটোত সভাপতিত্ব কৰে নতুন সাহিত্য পৰিষদ, লখৰা শাখাৰ সভাপতি গোপাল বৰ্মনে ৷

কংকনা কলিতাৰ বৰগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত, জাগৰণ প্ৰকাশনে প্ৰকাশ কৰা গ্ৰন্থখন উন্মোচন কৰে কেবাখনো মূল্যৱান গ্ৰন্থৰ সম্পাদক, সাহিত্যিক, ড৹ পৰমানন্দ মজুমদাৰে । উন্মোচনী ভাষণত মজুমদাৰে গুনীন চৌধুৰী এগৰাকী চিন্তাশীল লেখক বুলি উল্লেখ কৰি কয় যে “ আমি যদি বাস্তৱৰ যিটো সময়, সেই সময় যদি আমি জুখি চাব নোৱাৰোঁ, সেই সময়ৰ যদি মুখামুখি নহওঁ, তেতিয়াহ’লে লিখকৰ কৃতিত্ব নাই৷ আমি যদি বাস্তৱৰ মুখামুখি নহওঁ, সকলোবিলাকৰ যদি আমি বুদ্ধিদীপ্তভাৱে আৰু প্ৰণালীবদ্ধভাৱে উচ্চজ্ঞান বিচাৰি চাব নোৱাৰোঁ, তেতিয়াহ’লে এজন লিখকৰ সফলতা নাই ৷ সেই লেখকজন এজন সাধাৰণ প্ৰকৃতিৰ লেখক, তেওঁৰ সামাজিক মূল্য নাই ৷”

সাউকুছিৰ জোনাকীনগৰ সভাঘৰত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰগতিশীল কবি শঙ্কৰ শইকীয়াই তেখেতৰ ভাষণত গ্ৰন্থখনিৰ নাম আৰু বেটুপাতৰ ওপৰত এক তাত্বিক আলোচনা আগবঢ়োৱাৰ লগতে আলোচনাপন্থী আলফাৰ লগত হোৱা চৰকাৰৰ চুক্তি সম্পৰ্কে আশংকা প্ৰকাশ কৰি কয় যে, “এটা জাতি যদি শক্তিশালী হিচাপে বৰ্তি থাকিবলগীয়া হয়, তাত মূল কথা কেইটা হ’ল- জাতিটোৰ হাতত সম্পদৰ অধিকাৰ থাকিব লাগিব, অম্বিকাগিৰী ৰায়চৌধুৰীয়ে কোৱাৰ দৰে বজাৰখন জাতিটোৰ হাতত থাকিব লাগিব ৷ ….পথাৰখন নিজৰ হ’ব লাগিব আৰু আটাইতকৈ ডাঙৰ কথাটো হ’ল- জাতিটোৰ নিজৰ জাতীয় পুঁজি এটা থাকিব লাগিব ৷ যদি জাতিটোৰ জাতীয় পুঁজি নাথাকে, পথাৰখন যদি জাতিটোৰ নিজৰ হাতত নাথাকে, জাতিৰ মাটিখিনি যদি নিজৰ হাতত নাথাকে, বজাৰখন যদি নাথাকে, ভাষাটো যদি নাথাকে জাতিটো থাকিব কোনখিনি লৈ ? এইকেইটা গুৰুত্বপূৰ্ণ প্ৰশ্ন ৷ ….সেইকাৰণে সকলো চিন্তাশীল মানুহে আশঙ্কা প্ৰকাশ কৰিছে যে ১৯৮৫ চনৰ চুক্তিত যি হৈছিল তাৰেই পুনৰাবৃত্তি হ’ল নেকি বাৰু ?”৷

সভাত ক্ষিতীশ শৰ্মা, নবীন বড়ো, জাগৰণ প্ৰকাশনৰ স্বত্বাধিকাৰী ৰূপজ্যোতি দেৱনাথ, দীনেশ চন্দ্ৰ গোস্বামী, সাংবাদিক চফিউল ইছলামে বক্তব্য আগবঢ়োৱাৰ লগতে দীপক দত্তই এটা গীত পৰিৱেশন কৰে ৷ গ্ৰন্থ উন্মোচনী সভাৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা ‘ৰ’দালিৰ সাহিত্য’ৰ অনুষ্ঠানত দেৱাশীষ গোস্বামী, অঞ্জলিকা চক্ৰৱৰ্তী, যোগানন্দ মহন্ত, কৃষ্ণা কলিতাকে ধৰি কেবাগৰাকীও ব্যক্তিয়ে গল্প, কবিতা পাঠ কৰে ।

লগতে পঢ়ক:১২ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ল অসম গ্রন্থমেলা

ABOUT THE AUTHOR

...view details