নিউজ ডেস্ক, 28 জানুৱাৰী :প্ৰবীণ চলচ্চিত্ৰ পৰিচালক গুণসিন্ধু হাজৰিকাৰ বিদায় (Gunasindhu Hazarika passes away) ৷ সুদীৰ্ঘ সময় ধৰি অসুস্থ হৈ থকাৰ পাচত শনিবাৰে নিশা গুৱাহাটীৰ হেঙেৰাবাৰীত অৱস্থিত হাউচিং কলনিৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে প্ৰবীণ পৰিচালকগৰাকীয়ে (Gunasindhu Hazarika is no more)৷
অসমীয়া চলচ্চিত্ৰ জগতখনৰ উপৰিও বলীউড আৰু ভোজপুৰী ছবিজগতৰ সৈতেও এসময়ত জড়িত হৈ আছিল হাজৰিকা ৷ তেওঁ জড়িত হৈ থকা এখন অসমীয়া ছবিৰ সম্পাদনা চলি থকাৰ সময়তে সংঘটিত এক দুৰ্ঘটনাত চিৰদিনৰ বাবে দৃষ্টশক্তি হেৰুৱাইছিল গুণসিন্ধু হাজৰিকাই ৷ ছবি আৰু সংস্কৃতিৰ প্ৰতি থকা তেওঁৰ টান কিন্তু ইমানৰ পিচতো কমি যোৱা নাছিল ৷
তেওঁ পৰিচালনা কৰিছিল মহাবাহু চিনে প্ৰডাকচনৰ বেনাৰত ‘‘অবুজ বেদনা’’ নামৰ ছবিখন ৷ পৰৱৰ্তী সময়ত হিন্দী ভাষালৈয়ো ডাবিং কৰা হৈছিল ‘‘অবুজ বেদনা’’ ৷ আনকি শিশুছবি অবুজ বেদনাক হিন্দীত ডাবিং কৰি দূৰদৰ্শনৰ ৰাষ্ট্ৰীয় কাৰ্যক্ৰমত সম্প্ৰচাৰ কৰা হৈছিল । বলীউডৰ ‘‘কানুন ৰং লায়েগী’’, ‘‘জব য়াদ কিসিকী আতি হ্যায়’’ নামৰ ছবিকেইখনৰ উপৰিও ‘গৌৰী’ নামৰ ভোজপুৰী ছবিখনৰ সৈতেও জড়িত হৈ আছিল গুণসিন্ধু হাজৰিকা ৷
ইয়াৰ সমান্তৰালভাৱে অসমীয়া আন কেইখনমান ছবি ক্ৰমে মণিৰাম দেৱান, সন্ধ্যাৰাগ, নয়নমণি আদিতো তেওঁ জড়িত হৈ আছিল ৷ দৃষ্টিশক্তি হেৰুওৱাৰ পিচৰে পৰাই তীব্ৰ আৰ্থিক সংকটত ভূগিবলৈ আৰম্ভ কৰে সন্তানহীন হাজৰিকা আৰু তেওঁৰ পত্নীয়ে ৷ আনকি এসময়ত চিকিৎসাৰ বাবেও হাতত ধনৰ অভাৱ ঘটে এইগৰাকী প্ৰবীণ পৰিচালকৰ ৷ চৰকাৰৰ ফালৰ পৰাও বিশেষ কোনো ধৰণৰ সহায় পোৱা নাছিল গুণসিন্ধু হাজৰিকাই ৷