অসম

assam

ETV Bharat / state

Assam Cabinet: ৩০জুন আৰু ১জুলাইত বিশ্ব অভিলেখত ভাগ লোৱা বিহুৱা-বিহুৱতীয়ে পাব ২৫ হাজাৰকৈ টকা; কেবিনেটৰ সিদ্ধান্ত - Guinness World Records Performers

শনিবাৰৰ ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা হয় কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ কেবিনেটৰ সিদ্ধান্তৰ সৱিশেষ এই প্ৰতিবেদনত -

Assam Cabinet
Assam Cabinet

By

Published : Jun 24, 2023, 10:33 PM IST

কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল কেবিনেটত ?

গুৱাহাটী, ২৪ জুন: ৰাজ্যৰ বান পৰিস্থিতিৰ মাজতে শনিবাৰে সন্ধিয়া ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ কেবিনেটৰ এখন বৈঠক দিশপুৰৰ জনতা ভৱনত অনুষ্ঠিত হয় ৷ মুখ্যমন্ত্ৰীৰ সভা কক্ষত অনুষ্ঠিত হোৱা বৈঠকখনত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি, বিহুৰ বিশ্ব অভিলেখৰ বাবে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰাসকললৈ প্ৰতিশ্ৰুতি অনুসৰি ২৫০০০ টকাকৈ অনুদান আগবঢ়োৱা আৰু নুমলীগড় শোধনাগাৰত ৰাজ্য চৰকাৰৰ বিনিয়োগৰ ধনৰ বিত্তীয় অনুমোদন জনোৱা আদি কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰি হয় ৷

কেবিনেট বৈঠকৰ পিচত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এখন সংবাদমেলযোগে বৈঠকৰ প্ৰধান সিন্ধান্তসমূহ সদৰী কৰে ৷

কেবিনেটৰ প্ৰধান সিদ্ধান্তসমূহ -

ইতিমধ্যে পৰীক্ষাত উত্তীৰ্ণ হৈ থকা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ মুঠ ৮৩৫ জনক নিযুক্তিৰ ক্ষেত্ৰত কেবিনেটে শুকুৰবাৰে অনুমোদন জনায় ৷ কিছুদিন পূৰ্বে ৰাজ্য চৰকাৰে গুৱাহাটীৰ খানাপাৰাত মুঠ ৪৬৭০৩ গৰাকী যুৱক-যুৱতীক একেলগে চাকৰি প্ৰদান কৰিছিল ৷ তাৰে ২৬০০০ আছিল তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি ৷

একোখন আয়োগৰ জৰিয়তে পৰীক্ষাৰ যোগেদি এইসমূহ নিযুক্তি দিয়া হৈছিল ৷ কিন্তু কিছু সংখ্যক অভাৰলেপিং আৰু অনান্য কাৰণত ২৬০০০ পদৰ ভালেমান পদ খালী ৰৈ গৈছিল ৷ ইতিমধ্যে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাত উত্তীৰ্ণ বহু সংখ্যকে সমান নম্বৰ লাভ কৰিছিল ৷ তাৰে বয়সৰ ভিত্তিত জ্যেষ্ঠজনক অগ্ৰাধিকাৰ দি নিযুক্তি দিছিল ৷

যাৰ ফলত সমান নম্বৰ লাভ কৰিও নিযুক্তিৰ ক্ষেত্ৰত বঞ্চিত হৈছিল বহুকেইজন প্ৰাৰ্থী ৷ সেয়ে এনে সমান নম্বৰ লৈ পৰীক্ষাত উত্তীৰ্ণ হোৱা ৬৩৭ জনক চতুৰ্থ বৰ্গত আৰু ১৯৮ জনক তৃতীয় বৰ্গত নিযুক্তি প্ৰদানত শনিবাৰে হিমন্ত বিশ্ব শৰ্মা কেবিনেটে অনুমোদন জনায় ৷

লগতে, ব’হাগত বিশ্ব অভিলেখৰ বাবে আয়োজন কৰা বিহু অনুষ্ঠানত অংশগ্ৰহণ কৰা ১১০০০ বিহুৱা-বিহুৱতীক ২৫০০০কৈ টকা দিয়াৰ বাবেও কেবিনেটৰ বৈঠকে বিত্তীয় অনুমোদন জনায় ৷ এই মাহৰ ৩০ আৰু জুলাই মাহৰ ১ তাৰিখে জিলা জিলাই আনুষ্ঠানিকভাৱে এই ধন প্ৰদানৰ অনুষ্ঠান আয়োজন কৰিব ৰাজ্য চৰকাৰে ৷ বেংক একাউণ্টযোগে এই ধন লাভ কৰিব বিহুৱা-বিহুৱতীসকলে ৷ মুখ্যমন্ত্ৰীয়ে নিজে এই দিন দুটাত ডিব্ৰুগড় আৰু শোণিতপুৰৰ অনুষ্ঠানত উপস্থিত থাকিব ৷

আনহাতে নুমলীগড় শোধনাগাৰত ৰাজ্য চৰকাৰে অংশীদাৰ ৰূপে ক্ৰয় কৰা নিজৰ শ্বেয়াৰৰ বিনিময়ত দিবলগীয়া ধনৰো অনুমোদন জনায় আজিৰ কেবিনেটত ৷ ৰাজ্য চৰকাৰৰ NRLত ২৬ শতাংশ ইকুইটি শ্বেয়াৰ আছে ৷ ইয়াৰ বিনিময়ত দিবলগীয়া ৮২৩ কোটি টকাৰ প্ৰথম কিস্তিৰ ২০৫.৭৩ কোটি টকাৰ অনুমোদন জনায় ৰাজ্যিক কেবিনেটে ৷

লগতে পঢ়ক:Himanta Biswa: বাৰাক অ’বামাক হুছেইন অ’বামা আখ্যা হিমন্ত বিশ্ব শৰ্মাৰ; প্ৰতিক্ৰিয়া অখিল গগৈৰ

ABOUT THE AUTHOR

...view details