গুৱাহাটী, 15 মে’ :বিগত কেইবাদিনৰ পৰা মহানগৰীত ধাৰাষাৰ বৰষুণ (Heavy rain in Guwahati) ৷ নেৰানেপেৰা বৰষুণৰ ফলত মহানগৰীৰ বিভিন্ন স্থানত সৃষ্টি হৈছেকৃত্ৰিম বানৰ (Artificial flood in Guwahati) ৷ কেৱল কৃত্ৰিম বানেই নহয় এইবাৰ মহানগৰীৰ চান্দমাৰী কৃষ্ণনগৰত খহি পৰিল গাৰ্ডৱাল ।
অসম আভিযান্ত্ৰিক মহাবিদ্যালয়ৰ হোষ্টেলৰ চৌহদৰ গাৰ্ডৱাল খহাৰ লগতে বাগৰি পৰিল এডাল প্ৰকাণ্ড গছ (Guard wall collapses at Krishnanagar) । যাৰ ফলত বন্ধ হৈ পৰে কৃষ্ণনগৰ মিলনপুৰ লিংক ৰোড । অসম আভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ হেমাহিৰ বাবেই এই ঘটনা হোৱাৰ অভিযোগ তৰিছে অঞ্চলটোৰ একাংশ স্থানীয় ৰাইজে ।
বাৰম্বাৰ এই সন্দৰ্ভত বিদ্যালয় কৰ্তৃপক্ষক অৱগত কৰাৰ পিছতো কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ তৰিছে অঞ্চলটোৰ একাংশ স্থানীয় ৰাইজে । স্থানীয় বাসিন্দা গৌতম কলিতাই জনোৱা মতে, মহানগৰীত হৈ থকা বৰষুণজাকৰ ফলত শনিবাৰে নিশা প্ৰায় 9 বজাত অসম আভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছোৱালী হোষ্টেলৰ চৌহদত থকা গাৰ্ডৱালখন খহি পৰে ৷ ফলত পথটো সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰে ।