অসম

assam

ETV Bharat / state

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক ড০ ধ্ৰুৱজ্যোতি চৌধুৰীক নিলম্বন - Examination controller of Gauhati university

নিলম্বন কৰা হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক ড৹ ধ্ৰুৱজ্যোতি চৌধুৰীক (GU examination controller)৷ স্নাতক পৰ্যায়ৰ পৰীক্ষাৰ ফলাফল ঘোষণাত পলম হোৱাৰ বাবেই নিয়ন্ত্ৰকগৰাকী এই শাস্তিৰ সন্মুখীন হয় ৷

GU examination controller
গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক ড০ ধ্ৰুৱজ্যোতি চৌধুৰীক নিলম্বন

By

Published : Aug 19, 2022, 12:18 PM IST

গুৱাহাটী, 19 আগষ্ট: গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই তৎকালিনভাৱে কাৰ্যকৰী হোৱাকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক ড৹ ধ্ৰুৱজ্যোতি চৌধুৰীক নিলম্বন কৰিছে (Dr Dhruwajyoti Choudhury suspended)। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৱেবছাইটত শেহতীয়াকৈ আপলোড কৰা এক নিদৰ্শনাযোগে এই কথা ঘোষণা বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ ।

পৰীক্ষা নিয়ন্ত্ৰক ড০ ধ্ৰুৱজ্যোতি চৌধুৰীক নিলম্বন

২০২২ বৰ্ষৰ স্নাতক পৰ্যায়ৰ পৰীক্ষাৰ ফলাফল ঘোষণাত(Gauhati University result delay) পলম হোৱাৰ বাবেই নিয়ন্ত্ৰকগৰাকী এই শাস্তিৰ সন্মুখীন হোৱা বুলি নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে । জানিব পৰা মতে, নিয়ন্ত্ৰকগৰাকীৰ বিৰুদ্ধে চলিছিল বিশ্ববিদ্যালয়ৰ অনুশাসনমূলক প্ৰক্ৰিয়া । পৰৱৰ্তী নিৰ্দেশ নহা পৰ্যন্ত Assam Services (Discipline & Appeal) Rules, 1964ৰ অধীনত কাৰ্যকৰী হোৱাকৈ নিলম্বনৰ সিদ্ধান্ত লয় কৰ্তৃপক্ষই । ইফালে, বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই দিয়া আন এক জাননী অনুসৰি ড৹ দেৱহৰি তালুকদাৰক গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন পৰীক্ষা নিয়ন্ত্ৰকৰ দায়িত্ব অৰ্পণ কৰা হৈছে (Examination controller of Gauhati university)।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ(Gauhati University) উপাচাৰ্য অধ্যাপক প্ৰতাপজ্যোতি সন্দিকৈৰ অনুমোদন ক্ৰমে ড৹ তালুকদাৰক এই দায়িত্ব কৰ্তৃপক্ষৰ । উল্লেখযোগ্য যে, বিশ্ববিদ্যালয়ৰ পৰীক্ষাসমূহৰ উপ-নিয়ন্ত্ৰকৰ দায়িত্বত আছিল ড৹ দেৱহৰি তালুকদাৰ । ড৹ ধ্ৰুৱজ্যোতি চৌধুৰীৰ পৰা নিয়ন্ত্ৰকৰ দায়িত্ব গ্ৰহণ কৰিবলৈ ড৹ দেৱহৰি তালুকদাৰক এই জাননীৰ জৰিয়তে নিৰ্দেশ দিয়া হৈছে ।

মন কৰিবলগীয়া যে, বিগত সময়ছোৱাত স্নাতক পৰ্যায়ৰ ফলাফলত প্ৰায়েই দেখা গৈছিল বিসংগতি । যাৰ বাবে শিক্ষাৰ্থীসকলে বিশ্ববিদ্যালয়ৰ চৌহদত সচৰাচৰ প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছিল । শেহতীয়াকৈ ঘোষণা কৰা পঞ্চম ষাণ্মাসিকৰ পৰীক্ষাৰ ফলাফলতো দেখা গৈছিল ব্যাপক বিসংগতি । পৰীক্ষাত অৱতীৰ্ণ হোৱা অধিকাংশ শিক্ষাৰ্থীৰ ফলাফলত অনুপস্থিতি অহাৰ লগতে দেখা গৈছিল আন কেইবাটাও বিসংগতি ৷ এই ফলাফল বিসংগতিৰ প্ৰতিবাদত উত্তাল হৈছিল গুৱাহাটী বিশ্ববিদ্যালয় চৌহদ ।

কিন্তু এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ লোৱাৰ সময়ত আৰক্ষীৰ বৰ্বৰতাৰ সন্মুখীন হৈছিল শিক্ষাৰ্থীসকল যি ঘটনাই সমগ্ৰ ৰাজ্য জোকাৰি গৈছিল । তাৰ পিছতে সমগ্ৰ বিষয়টো তদন্ত কৰাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্বাতকোত্তৰ ছাত্ৰ সন্থাই বিশ্ববিদ্যালয় কৰ্তৃপক্ষক দাবী জনাইছিল ।

লগতে পঢ়ক:আৰক্ষীয়ে দাবী কৰা ধন দিব নোৱাৰি আত্মহত্যা যুৱকৰ

ABOUT THE AUTHOR

...view details