অসম

assam

By

Published : Apr 18, 2021, 4:13 PM IST

ETV Bharat / state

নিৰ্ধাৰিত সময়তে হ'ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা

গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ প্ৰথম ষান্মাসিকৰ পৰীক্ষা সময়মতেই অনুষ্ঠিত হ’ব । পূৰ্বে নিৰ্ধাৰিত সময়সূচী অনুসৰিয়েই পৰীক্ষা অনুষ্ঠিত হ’ব যদিও পৰীক্ষাত উপস্থিত থাকিব নোৱাৰা পৰীক্ষাৰ্থীয়ে নিয়ন্ত্ৰকক অৱগত কৰিব লাগিব ।

নিৰ্ধাৰিত সময়তে হ'ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা
নিৰ্ধাৰিত সময়তে হ'ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা

গুৱাহাটী,১৮ এপ্ৰিল:সমগ্ৰ দেশৰ লগতে অসমতো কৰ'ণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে । গুৱাহাটীৰ লগতে কেইবাখনো জিলাত প্ৰতিদিনে নতুনকৈ আক্ৰান্ত ৰোগীৰ সংখ্যা বাঢ়ি আছে । তেনেস্থলত বিদ্যালয়-মহাবিদ্যালয় আদিৰ শ্ৰেণীসমূহ পূৰ্বৰ দৰে বন্ধ হ'ব নেকি বুলি বিভিন্ন মহলত চৰ্চা চলিছে ।

ইয়াৰ মাজতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ঘোষণা, বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ প্ৰথম ষান্মাসিকৰ পৰীক্ষা নিৰ্ধাৰিত সময়সূচী মতেই অনুষ্ঠিত হ'ব । ৰাজ্যত কৰ’ণা মহামাৰীৰ সংক্ৰমণ ক্ৰমাৎ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত পৰীক্ষাৰ্থীসকল উদ্বিগ্ন হৈ থকাৰ সময়তে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই পৰীক্ষা সন্দৰ্ভত জাৰি কৰিলে এই জাননী ।

নিৰ্ধাৰিত সময়তে হ'ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্রকে জাৰি কৰা জাননী অনুসৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ প্ৰথম ষান্মাসিকৰ পৰীক্ষা সময়মতেই অনুষ্ঠিত হ’ব । পূৰ্বে নিৰ্ধাৰিত সময়সূচী অনুসৰিয়েই পৰীক্ষা অনুষ্ঠিত হ’ব যদিও পৰীক্ষাগৃহত উপস্থিত থাকিব নোৱাৰা পৰীক্ষাৰ্থীয়ে নিয়ন্ত্ৰকক অৱগত কৰিব লাগিব । অধ্যক্ষ নাইবা বিভাগীয় মুৰব্বীৰ মাধ্যমৰে পৰীক্ষাৰ্থীয়ে নিয়ন্ত্রকক জনাব লাগিব । পৰীক্ষাত অনুপস্থিত পৰীক্ষাৰ্থীসকলৰ বাবে পৰৱৰ্তী সময়ত পৰীক্ষা অনুষ্ঠিত কৰা হ’ব বুলি কৰ্তৃপক্ষই জনাইছে ।

লগতে পঢ়ক:পঞ্চম শ্ৰেণী পৰ্যন্ত বন্ধ থাকিব বিদ্যালয় : জৰুৰী নিৰ্দেশ জাৰি দিছপুৰৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details