গুৱাহাটী, 17 ছেপ্তেম্বৰ : কোটি কোটি টকাৰ জি এছ টি (GST) ফাঁকি দি ব্যৱসায় চলাই অহা দুকুৰি ব্যৱসায়ীলৈ জি এছ টি চোৰাংচোৱা বিভাগে জাননী জাৰি কৰিছে । এই ৪০ গৰাকী ব্যৱসায়ীৰ ভিতৰত দুজনমান মেঘালয়ৰ যদিও বাকী সৰহ সংখ্যকেই হৈছে অসমৰ । জি এছ টি চোৰাংচোৱাৰ পৰা জাননী পোৱাৰ পিছতে এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে অতদিনে কৰ ফাঁকি দি অহা এইসকল ব্যৱসায়ীৰ মাজত ।
জাননী প্ৰেৰণ কৰা এই ৪০ গৰাকী ব্যৱসায়ীয়েই হৈছে মূলতঃ কয়লা আৰু চিমেন্ট ব্যৱসায়ৰ সৈতে জড়িত । এইসকল ব্যৱসায়ীয়ে বিগত দীৰ্ঘসময় ধৰি মাৰুতী ট্ৰেডাৰ্চ নামৰ প্ৰতিষ্ঠান এটাৰ সৈতে লগ লাগি বহু কোটি টকা জি এছ টি ফাঁকি দি ব্যৱসায় চলাই আহিছিল । ইতিমধ্যে মাৰুতী ট্ৰেডাৰ্চৰ স্বত্বাধিকাৰী অমৃত কুমাৰক প্ৰায় দুশ কোটি টকা জি এছ টি ফাঁকি দিয়াৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।