অসম

assam

ETV Bharat / state

জি এছ টি ভৱনৰ আয়ুক্ত শক্তিৱেল ৰাজুক বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ - National Investigation Agency

জি এছ টি ফাঁকিৰ গোচৰত (GST case at Guwahati) ২৯ ছেপ্টেম্বৰত চি বি আইৰ অভিযানত গ্ৰেপ্তাৰ হৈছিল জি এছ টি ভৱনৰ আয়ুক্ত শক্তিৱেল ৰাজু । আয়ুক্ত শক্তিৱেল ৰাজুৰ সৈতে চি বি আয়ে গ্ৰেপ্তাৰ কৰিছিল আন এজন ব্যৱসায়ীক । উদ্ধাৰ কৰা হৈছিল নগদ ৩ লাখ টকা আৰু বহু আপত্তিজনক নথি-পত্ৰ। বিশেষ ন্যায়াধীশৰ আদালত তথা কাৰ্যালয়ত হাজিৰ কৰোৱাৰ পাছত দীৰ্ঘসময় জেৰা।

GST Bhawan Commissioner produced in court
বিশেষ আদালতত হাজিৰ কৰালে জি এছ টি ভৱনৰ আয়ুক্তক

By

Published : Oct 6, 2022, 9:10 PM IST

গুৱাহাটী,৬ অক্টোবৰ: জি এছ টি ফাঁকিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা গুৱাহাটীৰ জি এছ টি ভৱনৰ আয়ুক্ত শক্তিৱেল ৰাজুক বৃহস্পতিবাৰে বিশেষ ন্যায়াধীশৰ আদালত তথা কাৰ্যালয়ত হাজিৰ কৰোৱা হয় (GST Bhawan Commissioner produced in court)। উল্লেখ্য যে, যোৱা ২৯ ছেপ্টেম্বৰত চি বি আইৰ অভিযানত গ্ৰেপ্তাৰ হৈছিল জি এছ টি ভৱনৰ আয়ুক্তগৰাকী (Commissioner of GST Bhawan arrested in Guwahati) ।

আয়ুক্ত শক্তিৱেল ৰাজুৰ সৈতে চি বি আয়ে গ্ৰেপ্তাৰ কৰিছিল আন এজন ব্যৱসায়ীক । অভিযুক্ত পৰা উদ্ধাৰ কৰা হৈছিল নগদ ৩ লাখ টকা আৰু বহু আপত্তিজনক নথি-পত্ৰ । আজি কেন্দ্ৰীয় অনুসন্ধান সংস্থা (CBI) তথা ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ (National Investigation Agency)বিশেষ ন্যায়াধীশৰ আদালত তথা কাৰ্যালয়ত হাজিৰ কৰোৱা হয় দুয়োগৰাকীকে । দীৰ্ঘসময় দুয়োগৰাকীক জেৰা কৰা হয় ।

উল্লেখ্য় যে ২৮ ছেপ্টেম্বৰৰ নিশা হঠাতে জি এছ টি ফাঁকিৰ গোচৰত গুৱাহাটীৰ আঠগাঁওস্থিত জি এছ টি ভৱনত চি বি আইয়ে চলাইছিল অভিযান । নিশাৰ পৰা পুৱালৈকে চলোৱা অভিযানৰ অন্তত চি বি আইয়ে গ্ৰেপ্তাৰ কৰিছিল গুৱাহাটীৰ জি এছ টিৰ আপিল বিভাগৰ আয়ুক্ত শক্তিৱেল ৰাজুক । ইয়াৰ উপৰি আন এজন ব্যক্তিকো চি বি আইয়ে গ্ৰেপ্তাৰ কৰিছিল ।

চি বি আইয়ে শক্তিৱেল ৰাজুৰ গৃহৰ পৰা জব্দ কৰিছে নগদ ৩ লাখ টকা । তদুপৰি জব্দ কৰিছিল বহুতো আপত্তিজনক নথি-পত্ৰ । উল্লেখ্য় যে শক্তিৱেল ৰাজু আপীল বিভাগৰ আয়ুক্ত হিচাপে কৰ্মৰত আছিল । আয়ুক্ত শক্তিৱেল ৰাজুৰ বিৰুদ্ধে বহু লোকক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপিত হৈ আছিল । ধনৰ বিনিময়ত বহু প্ৰতিষ্ঠানক জি এছ টি ৰেহাই দিয়াৰ অভিযোগ আছে বিষয়াগৰাকীৰ বিৰুদ্ধে ।

লগতে পঢ়ক:CBI raids in GST Bhawan : গুৱাহাটীত জি এছ টিৰ আয়ুক্তক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details