গুৱাহাটী, 5 ডিচেম্বৰ :শেহতীয়াকৈ বিটিচি নিৰ্বাচনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা হিংসাত্মক ঘটনাকলৈ গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদমেল সম্বোধন কৰিলে সাংসদ নৱ শৰণীয়াই ৷ শৰণীয়াৰ অভিযোগ, “অস্ত্ৰ শস্ত্ৰ দেখুৱাই আমাৰ কৰ্মীক ভয় খুৱাইছে ৷ কিন্তু বিটিচিত এইবাৰ আমিয়েই চৰকাৰ কৰিম ” ৷ নিৰ্বাচনী প্ৰচাৰ সন্দৰ্ভতো মন্তব্য নৱ শৰণীয়াই কয় যে, শেহতীয়াভাবে নিৰ্বাচনী ক্ষেত্ৰত বহুলোকে প্ৰচাৰ চলাইছে ৷ কৰ’নাৰ প্ৰতি আওকাণ কৰি সকলো প্ৰচাৰত নামি পৰিছে ৷ তাৰ বাবে যদি কিবা অঘটন হয় তাৰ বাবে চৰকাৰ দায়ী হ’ব ৷
‘‘বিটিআৰত কেৱল বড়োসকলৰ চাকৰিৰ কথা কোৱা হৈছে ৷ তাত অজনজাতীয় লোকৰ চাকৰিৰ অধিকাৰ খৰ্ব কৰা হ’ল ৷ মই আমাৰ মহিলাসকল অনুৰোধ কৰিছো ভোটৰ দিনা তেওঁলোকে চুলি মেলি থাকক ৷ সেইটোৱেই প্ৰতিবাদ হওক ৷ ইউ পি পি এল, বিজেপি, বিপিএফ এটা মুদ্ৰাৰ ইপিঠি সিপিঠি ৷ আজমলক কংগ্ৰেছে ব্যৱহাৰ কৰিছে ৷ তাত কংগ্ৰেছে এখনো আসন নাপায় ৷ হাগ্ৰামাই হিমন্তৰ বিৰুদ্ধে যিখিনি অভিযোগ আনিছে, নিৰ্বাচনৰ পাছত ইয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিম ৷ যিয়েই দোষী হ’ব তেওঁয়েই জেললৈ যাব লাগিব’’ ৷ সাংবাদিকৰ আগত এই মন্তব্য কৰে নৱ শৰণীয়াই ৷
গণ সুৰক্ষা পাৰ্টীয়ে বিটিচিত চৰকাৰ কৰিলে সকলোৰে ভূমি পট্টা আইনী ভাবে ব্যৱস্থা কৰা হ’ব ৷ বিটিআৰৰ এহাজাৰ গাঁও অন্তৰ্ভুক্ত কৰাৰ বিজেপিৰ যি ষড়যন্ত্ৰ তাৰ বিৰোধিতা কৰা হ’ব ৷ অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাবে পুনৰ ব্যৱহাৰ কৰা হ’ব ৷ অৰুনোদয় আঁচনিৰ নাম সলায় সূৰ্যোদয় নাম দিয়া হ’ব ৷ ৫০ হাজাৰ টকাৰ ঠাইত এক লাখকৈ টকা প্ৰদান কৰা হ’ব ৷ মহিলা সৱলীকৰণৰ ওপৰত গুৰুত্ব দিয়াৰ ভিচিডিচিত ৩০ শতাংশ আসন মহিলাৰ বাবে সংৰক্ষণ কৰা হ’ব বুলি বহুকেইটা প্ৰতিশ্ৰুতি প্ৰদান কৰে শৰণীয়াই ৷