অসম

assam

ETV Bharat / state

গুৱাহাটীত ৰে'ল আৰক্ষীৰ জালত দুই সৰবৰাহকাৰী - সৰবৰাহকাৰী

মংগলবাৰে গুৱাহাটী ৰে’ল ষ্টেচন আৰু কামাখ্যা ৰে'ল জংচনত চোৰাং সামগ্ৰীসহ আৰক্ষীৰ জালত পৰে দুটাকৈ সৰবৰাহকাৰী ৷ ইয়াৰ ভিতৰত ল’ৰেন্স কুজুৰ নামৰ সোণ সৰবৰাহকাৰীজনক গ্ৰেপ্তাৰ কৰে কামাখ্যা চৰকাৰী ৰে’ল আৰক্ষীয়ে ৷

ৰে'ল আৰক্ষীয়ে কৰায়ত্ত কৰে
সৰবৰাহকাৰী

By

Published : Jan 7, 2020, 11:31 PM IST

গুৱাহাটী,7 জানুৱাৰীঃ চোৰাং সামগ্ৰী সৰবৰাহৰ মূল আহিলা হৈ পৰিছে ৰে’ল ষ্টেচনসমূহ । মংগলবাৰে গুৱাহাটী ৰে’ল ষ্টেচন আৰু কামাখ্যা ৰে'ল জংচনত চোৰাং সামগ্ৰীসহ আৰক্ষীৰ জালত পৰে দুটাকৈ সৰবৰাহকাৰী ৷ ইয়াৰ ভিতৰত ল’ৰেন্স কুজুৰ নামৰ সোণ সৰবৰাহকাৰীজনক গ্ৰেপ্তাৰ কৰে কামাখ্যা চৰকাৰী ৰে’ল আৰক্ষীয়ে ৷ সৰবৰাহকাৰীটোৰ কবলৰ পৰা আৰক্ষীয়ে ৪০০ গ্ৰাম নকল সোণৰ বিস্কুট জব্দ কৰে ৷

ৰে'ল আৰক্ষীয়ে কৰায়ত্ত কৰে
সৰবৰাহকাৰী

ইফালে গুৱাহাটী ৰে'ল ষ্টেচনত নিচাযুক্ত সামগ্ৰীসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰবীন্দ্ৰ চৌধুৰী নামৰ এজন লোকক । উক্ত ঘটনা দুটাৰ সন্দৰ্ভত ৰে’ল আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে । কঠোৰ নিৰাপত্তাৰ পিছতো একাংশই আৰক্ষীৰ চকুত ধুলি দি এইদৰে ৰে’লত চোৰাং ব্যৱসায় চলাই আহিছে ৷

লগতে চাওকঃবকোত ATM ত টকা ভৰাই থকাৰ সময়ত অঘটন

ABOUT THE AUTHOR

...view details