অসম

assam

ETV Bharat / state

পক্ষীকুললৈ অশনি সংকেট: পশ্চিম বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ডৰ সন্মুখত মৃত হাড়গিলা উদ্ধাৰ - হাড়গিলা পক্ষীৰ মৃতদেহ

ডাম্পিং গ্ৰাউণ্ডৰ বাবে পক্ষীকুললৈ নামিছে অশনি সংকেট ৷ শুকুৰবাৰে পশ্চিম বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ডৰ সন্মুখত উদ্ধাৰ হয় দুটা মৃত হাড়গিলা (Greater adjutant death body recovered in front of dumping ground) ৷ যাক লৈ এতিয়া ক্ষোভ প্ৰকাশ কৰিছে প্ৰকৃতিপ্ৰেমী তথা স্থানীয় ৰাইজে ৷

Greater adjutant death body recovered in front of dumping ground
ডাম্পিং গ্ৰাউণ্ডৰ সন্মুখত মৃত হাড়গিলা উদ্ধাৰ

By

Published : Jun 24, 2022, 10:46 PM IST

গুৱাহাটী , ২৪ জুন : চৰ্চাত আকৌ পশ্চিম বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ড (Bora gaon Dumping Ground) ৷ এই ডাম্পিং গ্ৰাউণ্ডৰ বাবে এতিয়া পক্ষীকুললৈ নামিছে অশনি সংকেট ৷ এই অভিযোগ স্থানীয় ৰাইজ তথা প্ৰকৃতিপ্ৰেমীৰ ৷ অভিযোগ-প্ৰতি অভিযোগৰ মাজতে শুকুৰবাৰে পুৱা ডাম্পিং গ্ৰাউণ্ডৰ সন্মুখত উদ্ধাৰ হয় বিলুপ্তিৰ পথত থকা দুটা হাড়গিলা পক্ষীৰ মৃতদেহ (Greater adjutant death body recovered in front of dumping ground)৷ এই লৈ এতিয়া শংকিত হৈ পৰিছে প্ৰকৃতিপ্ৰেমী ৷

তথ্য অনুসৰি, পশ্চিম বৰাগাঁৱৰ বেলৰ তলত দীপৰ বিল সংযোগী পামহী কেনেলৰ দাঁতিত গুৱাহাটী পৌৰ নিগমে বিগত 2021 বৰ্ষৰ আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰাই নীতি নিয়ম উলংঘা কৰি বিজ্ঞান সন্মতহীনভাৱে ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰিছিল ৷ কেৱল স্থাপন কৰাই নহয়, দীৰ্ঘ দিনৰ পৰা গুৱাহাটীৰ পৌৰ এলেকাৰ আৱৰ্জনাসমূহ পেলাই আহিছে ৷

যাৰ ফলত দীপৰ বিলৰ পানীভাগ প্ৰদূষিত হোৱাৰ লগতে অঞ্চলটোৰ পৰিৱেশ বসবাসৰ বাবে অনুপযোগী হৈ পৰিছে ।

আনকি বিলৰ দূষিত পানী সেৱন কৰি ইতিমধ্যে বহু মাছ-কাছৰ মৃত্যু হোৱাৰ সমান্তৰালকৈ প্ৰকৃতিৰ জামাদাৰ ৰূপে পৰিচিত বিলুপ্ত প্ৰায় প্ৰজাতিৰ হাড়গিলা, শগুণকে ধৰি তেনে ধৰণৰ চৰাই আদিও মৃত্যুমুখত পৰিছে । ইয়াৰ মাজতে শুকুৰবাৰে পুনৰ ডাম্পিং গ্ৰাউণ্ডৰ সন্মুখত দুটাকৈ হাড়গিলা মৃত অৱস্থাত উদ্ধাৰ কৰা হয় ৷

লগতে পঢ়ক :Dumping ground at Pamohi: ৭ দিনৰ ভিতৰত ডাম্পিং গ্ৰাউণ্ড বন্ধ কৰাৰ দাবী

প্ৰাপ্ত খবৰ মতে, দীপৰ বিল সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক প্ৰমোদ কলিতা আৰু সহকাৰী সাধাৰণ সম্পাদক সুশীল টেৰণে মাজে সময়ে যোৱাৰ দৰে শুকুৰবাৰে দুপৰীয়াৰ ভাগতো ডাম্পিং গ্ৰাউণ্ডটোৱে সৃষ্টি কৰি অহা দূষিত পৰিৱেশ চাবৰ বাবে বেলৰতললৈ গৈছিল । তেনে সময়তে তেওঁলোকে ডাম্পিং গ্ৰাউণ্ডৰ পৰা নিৰ্গত হোৱা দূষিত পানীত প্ৰত্যক্ষ কৰে মৃত হাড়গিলা দুটা ৷

অৱশ্যে ইয়াৰে এটা হাড়গিলা আৱৰ্জনাৰ দমৰ সন্মুখত মাটিত থকাৰ বিপৰীতে আনটো হাড়গিলা পানীৰ মাজত থকা মেটেকাৰ ওপৰত উপঙি আছিল ৷ পৰৱৰ্তী সময়ত এই সন্দৰ্ভত দুয়োজনে চকৰদৌত থকা দীপৰ বিল বন্যপ্ৰাণী আঞ্চলিক বন বিষয়া কাৰ্যালয়ত খবৰ দিয়ে ।

খবৰ পোৱাৰ মাত্ৰে কাৰ্যালয়টোৰ এটা বনকর্মীৰ দল গৈ মাটিত থকা মৃত হাড়গিলাটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় । কিন্তু আনটো হাড়গিলা পানীত ভাহি থকা মেটেকাৰ দমৰ ওপৰত উটি যোৱাৰ বাবে বনকর্মীৰ দলটোৱে উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল ৷ জানিব পৰা মতে, ডাম্পিং গ্ৰাউণ্ড কেন্দ্ৰীক দূষিত পৰিস্থিতিৰ বাবে অঞ্চলটোত সঘনে হাড়গিলা, কাউৰী, বগলী আদিৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰিছে প্ৰকৃতিপ্ৰেমী তথা স্থানীয় ৰাইজে ৷

লগতে পঢ়ক :দীপৰ বিলৰ ৰে’লপথত বৈদ্যুতিকৰণক লৈ ৰে’ল বিভাগ আৰু বন বিভাগৰ মুখামুখি সংঘাত

ABOUT THE AUTHOR

...view details