দলগাঁও, 3 ডিচেম্বৰ :নিত্য ব্যৱহাৰ্য সামগ্ৰী যেনে খাদ্যবস্তু, কাপোৰ, ফল-মূল, শাক-পাচলি আদিৰ বজাৰ আমি সকলোৱে দেখিছো ৷ জীৱ-জন্তু বিক্ৰী কৰা বজাৰো আমি দেখিছো ৷ কিন্তু পশুখাদ্য বিশেষ কৈ ঘাঁহৰো যে এখন বজাৰ থাকিব পাৰে, সেয়া ভাবিলে আচৰিত নালাগে নে ! আমাৰ অসমতে আছে এনে ঘাঁহৰ বজাৰ ৷ য’ত বিক্ৰী হয় পশুৰ বাবে কেঁচা ঘাঁহ ৷
দৰঙৰ সংখ্যালঘু অধ্যুষিত খাৰুপেটীয়াত আছে এইখন বিশেষ বজাৰ । মুকলি আকাশৰ তলত বহা এখন অস্থায়ী পশু খাদ্যৰ অৰ্থাৎ ঘাঁহৰ বজাৰ । দুপৰীয়াৰ পৰা বহা বজাৰখনত ঘাঁহ কিনিবলৈ ভিৰ কৰে অসংখ্য গ্ৰাহকে । খাৰুপেটীয়া এই বজাৰত উপলব্ধ বিভিন্ন প্ৰকাৰৰ ঘাঁহ । প্ৰতি বোজাৰ ঘাঁহৰ দাম ১০ টকা । চৰাঞ্চলৰ একাংশ দৰিদ্ৰ লোকে ওদালগুৰি জিলাৰ বিভিন্ন ঠাইৰ পৰা প্ৰতি দিনে তিনি চাৰি খন গাড়ী, ঠেলাৰিক্সা, চাইকেল আদিৰে এই ঘাঁহ সমূহ লৈ আহে পথাৰলৈ ।