অসম

assam

লক ডাউনত চৰকাৰে খাদ্য যোগান ধৰিব গুৱাহাটী মহানগৰীৰ গৃহহীন লোকক

By

Published : Jul 12, 2020, 3:20 AM IST

লক ডাউনৰ সময়চোৱাত মহানগৰীৰ গৃহহীন লোকসকলক চৰকাৰে খাদ্যৰ যোগান ধৰিব । শনিবাৰে সন্ধিয়া মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা এই কথা সদৰী কৰাৰ লগতে এই বুলিও জনোৱা হয় যে কামৰূপ মহানগৰ জিলাত লক ডাউনৰ সময়চোৱাত শাক-পাচলিৰ পৰা আৰম্ভ কৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম চোৱাচিতাৰ বাবে এখন ক'ৰ কমিটিও চৰকাৰে গঠন কৰা হ'ব ।

homeless people
homeless people

গুৱাহাটী, ১১ জুলাই :দেওবাৰৰ পৰা পৰা সমগ্ৰ কামৰূপ মহানগৰ জিলাত পুনৰ এসপ্তাহৰ বাবে লক ডাউন বৃদ্ধি কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে ৷ তেনে সময়তে শনিবাৰে ৰাজ্য চৰকাৰে ঘোষণা কৰিছে যে, লক ডাউনৰ সময়চোৱাত মহানগৰীৰ গৃহহীন লোকসকলক চৰকাৰে খাদ্যৰ যোগান ধৰিব । শনিবাৰে সন্ধিয়া মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা এই কথা সদৰী কৰাৰ লগতে এই বুলিও জনোৱা হয় যে কামৰূপ মহানগৰ জিলাত লক ডাউনৰ সময়চোৱাত শাক-পাচলিৰ পৰা আৰম্ভ কৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম চোৱাচিতাৰ বাবে এখন ক'ৰ কমিটিও চৰকাৰে গঠন কৰা হ'ব । শনিবাৰে কামৰূপ চেম্বাৰ্ছ অৱ কমাৰ্ছৰ লগতে কেইবাটাও বিক্ৰেতা সংস্থাৰে হোৱা এখন বৈঠকত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই কথা ঘোষণা কৰে ৷

ৰাজ্য চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অতিৰিক্ত মুখ্য সচিব চৈয়দ্দিন আব্বাছীৰ নেতৃত্বত গঠিত হ'ব এই ক'ৰ কমিটি । কোনো কাৰণতে ব্যৱসায়ীয়ে যাতে অধিক মূল্য গ্ৰাহকৰ পৰা ল'ব নোৱাৰে সেই বিষয়টো এই ক'ৰ কমিটিয়ে চোৱাচিতা কৰিব । ইয়াৰ বাবে গঠন কৰি দিয়া হ'ব ফ্লায়িং স্কোৱাড ৷ আনহাতে কামৰূপ মহানগৰ জিলালৈ শাক-পাচলি আৰু ফলমূল কঢ়িয়াই অনা বাহনসমূহ যাতে ক'তো বাধাৰ সন্মুখীন নহয় সেয়া নিশ্চিত কৰিবলৈও তেওঁ আৰক্ষী প্ৰশাসনক নিৰ্দেশ দিয়ে ।

উল্লেখ্য যে, ক্ৰমাগতভাৱে গুৱাহাটী মহানগৰীত কোভিড-19 আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই থকাত ঘোষণা কৰাত লক্ ডাউন ঘোষণা কৰা হৈছিল ৷ কিন্তু বৰ্তমানেও এই সংক্ৰমণ প্ৰতিৰোধ নোহোৱাৰ বাবে পুনৰ লক্ ডাউন ঘোষণা কৰাতো এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে ৷ শনিবাৰে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাইও ঘোষণা কৰিছে যে, স্বাস্থ্যবিভাগে এসপ্তাহৰ লক ডাউনৰ পোষকতা কৰাৰ পৰিৱৰ্তে নাগৰিক সমিতি সমূহে দুসপ্তাহৰ লক ডাউনৰ পৰামৰ্শ আগবঢ়াইছিল ৷ এতিয়া সম্পূৰ্ণ নিৰ্দেশনা দেওবাৰে আনুষ্ঠানিকভাৱে মুখ্য সচিবে ঘোষণা কৰিব বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে । দুসপ্তাহ নে এসপ্তাহ লক ডাউন বৃদ্ধি হ’ব সেইটো মুখ্য সচিবে নিৰ্ধাৰণ কৰিব বুলি কয় ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে পঢ়ক :কামৰূপ মহানগৰ জিলাত বৃদ্ধি হ’ব লক ডাউন: হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details